top of page
  • Writer's pictureTimeline Asom

লখিমপুৰত কাকৈ নৈৰ ভয়ংকৰ খহনীয়া অব্যাহত

।। নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ।। বিচ্ছিন্ন হোৱাৰ পথত লখিমপুৰ ধেমাজি, ডিব্ৰুগড় জিলা ।



লখিমপুৰ জিলাৰ কাকৈ চাৰিআলিত কাকৈ নদীৰ ধাৰাবাহিক খহনীয়াই আতংকৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে প্ৰবল খহনীয়াৰ ফলত লখিমপুৰৰ পৰা ধেমাজি অভিমুখী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো নদীখনৰ বাঢ়নীপানীত জাহ যোৱাৰ উপক্ৰম ঘটিছে ।

ইয়াৰ ফলত লখিমপুৰ জিলাৰ সৈতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ যোগাযোগ বিচ্ছিন্ন হোৱাৰ আশংকাৰ সৃষ্টি কৰিছে।

বিগত বৰ্ষত নদীখনে ৰাষ্ট্ৰীয় ঘাইপথছোৱাত খহনীয়াৰ সৃষ্টি কৰোতে লখিমপুৰৰ জলসম্পদ বিভাগে ঘাইপথছোৱাৰ খহনীয়াগ্ৰস্ত অংশত বল্ডাৰৰ স্পাৰ বান্ধি কোনোমতে ঘাইপথছোৱাক সুৰক্ষা দিছিল যদিও বৰ্তমান উক্ত বল্ডাৰৰ স্পাৰো খহনীয়াত জাহ যোৱাত ঘাইপথছোৱাক সুৰক্ষা প্ৰদান কৰাটো একপ্ৰকাৰ দুৰূহ হৈ পৰিছে ।


ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ প্ৰতি কাকৈ নদীখনে তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ সময়তো জিলাখনৰ জলসম্পদ বিভাগটোক দেখা গৈছে উক্ত খহনীয়াগ্ৰস্ত অংশত বাঁহৰ বুৰুজ পুতিয়েই খহনীয়াৰে মোকাবিলা কৰিবলৈ যোৱা দৃশ্য ।


উল্লেখ্য যে , যোৱা প্ৰায় ৫ দিন ধৰি নদীখনৰ বানৰ প্ৰকোপ হ্ৰাস নোপোৱাত সুঁতি সলনি কৰি নদীখনে ন-ভঙনীয়া গাঁও তথা কদম বাগান গাঁৱৰ মাজেৰে বৈ আহি গাঁও দুখনত ব্যাপক বান সৃষ্টি কৰাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পোনেই খুন্দা মৰাত সম্প্ৰতি ঘাইপথটো তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে ।


ইতিমধ্যে ঘাইপথটোৰ প্ৰায় ৫০০ মিটাৰ অংশত অব্যাহত থকা খহনীয়াত পকী অংশৰ সমান্তৰালভাৱে ঘাইপথছোৱাৰ দাঁতিকাষৰৰ মাটিৰ চাইডবাম সম্পূৰ্ণভাবে নদীখনৰ বুকুত জাহ যোৱাৰ পিছতো ঘাইপথছোৱাক স্থায়ীভাৱে সূৰক্ষিত কৰাৰ ক্ষেত্ৰত গা-লৰা নাই লখিমপুৰ জিলা প্ৰশাসন , গড়কাপ্তানি বিভাগ কিম্বা জলসম্পদ বিভাগৰ ।


বগীনদীৰ পৰা ভূবন গৌতমৰ প্ৰতিবেদন

টাইম লাইন অসম ।

14 views0 comments

Comentários


bottom of page