top of page

লখিমপুৰ বগীনদীৰ একাংশ চেলুনৰ কাণ্ডজ্ঞানহীন কৰ্মৰ ফলত গণসংক্ৰমণৰ আশংকা

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 5, 2020
  • 1 min read


ৰাজ্যত ভয়াবহ ভাৱে দিনক দিনে বৃদ্ধি পাই আহিছে ক'ৰোণা ভাইৰাছৰ সংক্ৰমণ।

লখিমপুৰ জিলাৰ সমীপৰ চাউলধোৱা গোগামূখকে ধৰি বগীনদীৰ চৌদিশে আৰম্ভ হৈছে গণসংক্ৰমণৰ ঘটনা।

ইয়াৰ পিছতো চৰকাৰী বিধি নিষেধাজ্ঞাক ভেঙুচালি কৰি বগীনদীৰ একাংশ চেলুনে দেখুৱাইছে চুড়ান্ত মইমতালি।

বগীনদীৰ অমৃত চেলুন নামৰ নাপিতৰ দোকানত পৰিলক্ষিত হৈছে এনে কাণ্ড।

চেলুনখনে চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই, মাস্ক পৰিধান নকৰাকৈ, চেনিটাইজাৰ, নেপকিন ব্যৱহাৰ নকৰাকৈ গ্ৰাহকৰ চুলি দাড়ি কটাত ব্যস্ত হৈ পৰিছে।

ইয়াৰ ফলত এতিয়ালৈকে ক'ৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা অক্ষত বগীনদীত গণ সংক্ৰমণৰ তীব্ৰ আশংকা বৃদ্ধি পাইছে।

চৰকাৰী ভাৱে চেলুন ব্যৱসায়ীসকলক সাহাৰ্য্য প্ৰদান কৰি সম্পুৰ্ণ বিধিসন্মত ভাৱে ব্যৱসায় কৰিবলৈ অনুমতি প্ৰদান কৰাৰ পিছতো এনেদৰে বিধি ভংগ কৰি চেলুন চলাইছে এইসকল নাপিতে।


বগীনদীৰ পৰা ভূবন গৌতমৰ প্ৰতিবেদন টাইম লাইন অসম ।

תגובות


OUR PROGRAM
bottom of page