top of page

লখিমপুৰ জিলাৰ বগীনদীৰ বড়ো সাহিত্য সভাৰ ভৱন চৌহদত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 9, 2020
  • 1 min read

ree

বগীনদীৰ বড়ো সাহিত্য সভাৰ ভৱন চৌহদত লখিমপুৰ জিলা বড়ো সাহিত্য সভা, লখিমপুৰ জিলা বড়ো ছাত্ৰ সন্থা, বি.পি.অ'. আবৌফৰ যুটীয়া উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা কৃতিৰে উত্তীৰ্ণ হোৱা কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

লখিমপুৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি নলেন মুছাহাৰীৰ সভাপতিত্ব অনুষ্ঠিত হোৱা

এই সম্বৰ্ধনা অনুষ্ঠানত বড়ো মাধ্যমৰ পৰা কৃতিৰে উত্তীৰ্ণ হোৱা ৮ গৰাকী ছাত্ৰ-ছাত্ৰীক বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত গামোছা আৰনাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ উপৰিও একোখনকৈ বহী আৰু কলম উপহাৰ হিচাপে প্ৰদান কৰে।

এই সম্বৰ্ধনা অনুষ্ঠানত বড়ো সাহিত্য সভাৰ কেন্দ্রীয় সমিতিৰ সদস্য মহেন্দ্ৰ দৈমাৰীৰ লগতে নিখিল বড়ো ছাত্র সংন্থা, নিখিল বড়ো মহিলা কল‍্যাণ পৰিষদ, সংযুক্ত বড়ো গণ মঞ্চ, জিলা বড়ো সাংস্কৃতিক মঞ্চৰ প্ৰতিনিধি সকল উপস্থিত থাকে ।

বগীনদীৰ পৰা ভূবন গৌতমৰ প্ৰতিবেদন টাইম লাইন অসম ।

ความคิดเห็น


OUR PROGRAM
bottom of page