top of page

লকডাউনৰ মাজতে জন্ম পালে ধিঙৰ বুকুত এটি সাংস্কৃতিক অনুষ্ঠান

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 8, 2020
  • 1 min read

Updated: Jul 9, 2020

A new cultural organisation borned in between of lockdown at dhing

ree

ধিং অঞ্চলৰ কিছু সচেতন নাগৰিকৰ সৎ-চিন্তা, সু দিহা পৰামৰ্শৰে উঠি অহা প্ৰজন্মৰ সপোনক লক্ষ্য কৰি লকডাউনৰ সময়ত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক ঘৰতে ৰাখিবলৈ সম্পূৰ্ণ চৰকাৰৰ নীতি-নিয়ম মানি ক্ৰমান্বয়ে অসমীয়া সংস্কৃতিৰ পৰা লাহে লাহে হ্ৰাস পাবলৈ ধৰা ধোলবাদনৰ বিদ্যাক পুনৰ ঠন ধৰি তুলিবলৈ চেষ্টা কৰি ধিঙৰ বুকুত অসমীয়া কলা-সংস্কৃতিক উজ্জীৱিত কৰি ৰাখিবলৈ এটি সাংস্কৃতিক অনুষ্ঠান গঢ় দিবলৈ আগবাঢ়ি আহে ৰাজু কলিতাই । তেওঁলোকে ঢোলৰ ওস্তাদ ৰাজু কলিতাৰ নেতৃত্বত ল'ৰা-ছোৱালী উভয়কে সম্পূৰ্ণ ১ মাহ প্ৰশিক্ষন দি আজি সম্পূৰ্ণ কৰে। প্ৰশিক্ষনত অংশগ্ৰহন কৰা প্ৰায় ১০ জনী ছোৱালী আৰু ১০ জন ল'ৰাই অংশগ্ৰহন কৰা অনুষ্ঠানটিত অভিভাৱীকা দিপাঞ্জু শইকীয়াই সম্পূৰ্ণ খৰচ বহন কৰাৰ লগতে কুসুম কলিতাই অনুষ্ঠানটোৰ আঁত ধৰি আজি সকলো অভিভাৱক অভিভাৱীকাৰ লগতে সংবাদ কৰ্মীৰ উপস্থিতিত "এনাজৰী" নামৰ এটি অনুষ্ঠান গঢ় দিলে বুলি ঘোষণা কৰে ।


ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ প্ৰতিবেদন

টাইম লাইন অসম।

Comments


OUR PROGRAM
bottom of page