লেখক - ডাঃ কমলেশ্বৰ নাথ
লকডাউনৰ সময়ত আমাৰ দেশত কোভিড আক্ৰান্তৰ সংখ্যা আছিল মাত্ৰ ৫ শ । ৪ মহীয়া লকডাউনৰ অন্তত আক্ৰান্তৰ সংখ্যা ১১লাখ ৫৫ হাজাৰ আৰু মৃত ২৮ হাজাৰ । দৈনিক বৃদ্ধি ৩৫ হাজাৰ । এই হাৰত বৃদ্ধি হৈ থাকিলে আগষ্টৰ শেষৰ ফালে আক্ৰান্তৰ সংখ্যা ২৫ লাখ হব । এইবোৰৰ সাৰাংশ হ'ল লকডাউন কাৰ্যত বিফল ।
এই সময়চোৱাত দেশৰ অৰ্থনীতি সম্পূৰ্ণ বিধ্বস্ত। শ শ শ্ৰমিকৰ মৃত্যু হ'ল । বহু কৃষকে আত্মহত্যা কৰিলে । দিন হাজিৰা কৰা শ্ৰমিক ,গৰীৱ কৃষক ,ক্ষুদ্ৰ ব্যৱসায়ী , ৰিক্সা চালক ,ঠেলাৱালা সকলৰ অৱস্থা অবৰ্ণনীয় । নিবনুৱা সমস্যাৰ ভয়াবহ ৰূপ । ছাত্ৰছাত্ৰী সকলৰ অনিশ্চিত ভৱিষ্যত । ইতিমধ্যে এটা শিক্ষাবৰ্ষ নষ্ট হোৱাৰ পথত । আৰু কিমান দিন স্কুল বন্ধ থাকে তাৰ ঠিকনা নাই । WHO এ কৈছে -অতি সোনকালে এই মহামাৰী শাম কটাৰ কোনো লক্ষণ নাই । বৰং পৰিস্থিতি অধিক জটিল হব । তেওঁলোকৰ ভাষাত -- ".. it is going to get worse and worse and worse ."
এনে অৱস্থাত আমাৰ জৰুৰী কৰণীয় কি হোৱা উচিত ? নিঃসন্দেহে প্ৰথম কৰণীয় হব লাগিব অৰ্থনীতিৰ পুনৰোদ্ধাৰ । নহলে লাখ লাখ মানুহ অনাহাৰত মৃত্যু হোৱাতো খাটাং । সেয়ে উৎপাদন ব্যৱস্থা মানে কৃষি আৰু শিল্পখণ্ডৰ কাম কাজ যিমান পাৰি সোণকালে স্বাভাৱিক অৱস্থালৈ ঘুৰাই আনিব লাগিব ।
দ্বিতীয়তে অকল উৎপাদন হলেই নহব , সেইবোৰ যাতে ৰাইজে কিনিব পাৰে তাৰ বাবে ৰাইজক বিশেষকৈ গৰীৱ ৰাইজক নগদ ধনৰ যোগান ধৰিব লাগিব । অন্তত কেইমাহ মানলৈ তেওঁলোকক বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰিব লাগিব । লগতে কম বা বিনা সুতত চৰকাৰী ঋণৰ ব্যৱস্থা কৰিব লাগিব । MG NRega ৰ দৰে উন্নয়নমূলক আঁচনিবোৰ শীঘ্ৰে ৰূপায়ন কৰি গৰীৱ ৰাইজৰ বাবে কামৰ পথ মোকোলাই দিব লাগিব । দিন হাজিৰা কৰা লোক, ঠেলা ৰিক্সা চালক ,খুচুৰা ব্যৱসায়ী সকলে যাতে দৈনিক কাম কৰি খাব পাৰে তাৰ বাবে লকডাউন সম্পূৰ্ণ উঠাই দিব লাগিব । নহলে তেওঁলোক নাখাই মৰিব ।
শিক্ষাব্যৱস্থা ঘুৰাই আনিবলৈ সদ্যহতে শিক্ষানুষ্ঠান সমূহত থকা কোৱাৰেণ্টাইন শিবিৰবোৰ উঠাই নি "হ'ম কোৱাৰেণ্টাইন"ৰ ব্যৱস্থা কৰিব লাগিব । লগে লগে ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰী সকলৰ কোভিড পৰীক্ষা কৰি পৰ্যায়ক্ৰমে পাঠদান আৰম্ভ কৰিব লাগিব । শাৰীৰিক দূৰত্ব বজাই ৰখাৰ বাবে শ্ৰেণীবিলাকক এদিন বাদে এদিন পাঠদানৰ দিহা কৰিব লাগিব । যেনে এদিন যদি class ten , eight , six আৰু আনদিনা class nine , seven এনেদৰে ।
চিকিৎসাৰ ক্ষেত্ৰত সাধাৰণ ৰোগীৰ চিকিৎসা আগৰ দৰেই চলি থাকিব । কিন্তু ৰোগীবোৰ হস্পিতেললৈ যোৱাৰ লগে লগে প্ৰথমে সকলোৰে কোভিড পৰীক্ষা কৰি ১ ঘণ্টাৰ ভিতৰতে ৰিপৰ্ট দিয়াৰ ব্যৱস্থা কৰিব লাগিব । তাৰ পিচত পজিটিভ সকলক কোভিড হস্পিতেললৈ স্থানান্তৰ কৰি বাকী সকলক আগৰ দৰে চিকিৎসা কৰা ব্যৱস্থা কৰিব লাগিব ।
ডাক্তৰ আৰু চিকিৎসাকৰ্মী সকলৰ স্বাস্থ্য সুৰক্ষাৰ বাবে বিশেষ মনোযোগ দিব লাগিব । কাৰণ আমাৰ দেশত ডাক্তৰৰ সংখ্যা বৰ কম । প্ৰতি ১১ হাজাৰ জনতাৰ বিপৰীতে মাত্ৰ ১জন ডাক্তৰ । এনে অৱস্থাত যদি কোভিড আক্ৰান্ত হৈ চিকিৎসক চুটী লৈ থাকিবলগীয়া হয় বিপদ বেছি ঘণীভূত হব । কোভিড হস্পিতেলত চিকিৎসা আগ বঢ়োৱা ডাক্তৰ তথা অন্য স্বাস্থ্যকৰ্মী সকলৰ বাবে অতিৰিক্ত মাননীৰ ব্যৱস্থা কৰিব লাগিব । কাৰণ তেওঁলোক আটাইতকৈ বেছি danger zone ত আছে ।
লকডাউন প্ৰক্ৰিয়াৰ ঘাই উদ্দেশ্য হৈছে গণসংক্ৰমণ ৰোধ কৰা । তাৰবাবে লকডাউনৰ সময়চোৱাতে প্ৰত্যেকৰে কোভিড পৰীক্ষা কৰি পজিটিভ সকলক বাচি উলিয়াই পৃথকে ৰাখিব লাগে । কিন্তু সেই কামটো আমাৰ ভালদৰে পালন কৰা নহ'ল । ফলত দেশত গণসংক্ৰমণ হৈ গ'ল । এবাৰ গণসংক্ৰমণ হৈ যোৱাৰ পিচত লকডাউন অৰ্থহীন । অত্যন্ত জৰুৰী অৱস্থাত লকডাউন দিবলগীয়া হলেও কোনেও যাতে ঘৰৰ বাহিৰ ওলাই আহিব নালাগে তাৰ বাবে সকলোকে ঘৰে ঘৰে গৈ বিনামূলীয়াকৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিব লাগিব । বেমাৰ হলে তেওঁলোকক হস্পিতেললৈ স্থানান্তৰ কৰিবলৈ প্ৰতি গাঁৱে গাঁৱে পৰ্যাপ্ত এম্বুলেন্সৰ যোগান থাকিব লাগিব যিটো আমাৰ দেশত অসম্ভৱ । গতিকে লকডাউন দীঘলীয়া কৰা ধাৰণা বাদ দিয়া ভাল ।
চৰকাৰলৈ অনুৰোধ - তেওঁলোকে হস্পিতেলৰ আন্তঃগাঠনি মজবুত কৰাত মনোনিবেশ কৰক । হস্পিতেলত পৰ্যাপ্ত ICU, বিচনা , পৃথক কোভিড হস্পিতেল নিৰ্মানৰ কথা চিন্তা কৰক । হস্পিতেলত যাতে প্ৰচুৰ অক্সিজেন চিলিণ্ডাৰ , এম্বুলেন্স থাকে তাৰ ব্যৱস্থা কৰক । বাকী বেমাৰৰ দায়িত্ব ডাক্তৰ সকলক এৰি দিয়ক । সকলো দল সংগঠনক বিশ্বাসত লওক আৰু তেওঁলোকক দায়িত্ব ভগাই দিয়ক । লগে লগে অভিজ্ঞ ডাক্তৰৰ হতুৱাই গাঁৱে গাঁৱে চহৰে নগৰে কোভিড সজাগতা সভা অনুষ্ঠিত কৰক । আপোনালোকে বিচাৰিলে নিশ্চয় সকলোৱে সহায় কৰিব ।
ৰাইজলৈ অনুৰোধ , কোভিডক লৈ মানসিক চাপ লোৱাৰ কোনো দৰ্কাৰ নাই । কিন্তু সাৱধানে থকা ভাল । বহুচৰ্চিত গণ প্ৰতিৰোধ ক্ষমতা ( herd immunity) আৰু vaccine ৰ কথা ভাবি মূৰ গৰম নকৰিব ।এইবোৰৰ ওপৰত গৱেষণা চলি আছে । এবাৰ ভাল হৈ পূনৰ কোভিড আক্ৰান্ত হোৱাৰ বাতৰিও আহিছে । ভেকচিনৰ ক্ষেত্ৰতো সেই একেই কথা । SARS , MERS , AIDS আদি ভাইৰাচ সমূহৰ ভেকচিন আজিলৈ নোলাল । আগলৈও ওলোৱা সম্ভাৱনা নাই । কাৰণ এই ভাইৰাচ সমূহৰ দেহত সঘনাই Mutation হৈ থাকে । সেয়ে আজি আবিষ্কাৰ হোৱা ঔষধে পিচৰ বছৰত কাম নকৰাৰ সম্ভাৱনা আছে । কাৰণ প্ৰতি মুহুৰ্ততে mutation হৈ এই ভাইৰাছৰ দেহৰ গঠনে বদলি আছে । কোভিড ১৯ ভাইৰাছটোৰো স্বভাৱ চৰিত্ৰ প্ৰায় সিঁহতৰ দৰেই । গতিকে ভেকচিন , herd immunity এইবোৰৰ চিন্তা বাদ দি নিজকে কোভিড যুদ্ধৰ এগৰাকী সৈনিক হিচাবে গঢ়ি তোলক । তাৰ বাবে ---
1. কাৰোবাৰ ওচৰলৈ গলে মাস্ক পৰিধান কৰক । অনবৰতে পিন্ধি থাকিব নালাগে ।
2.কমেও দেড় বা দুই মিটাৰ শাৰীৰিক দূৰত্ব বজাই ৰাখক ।
3.হাত দুখন পৰিষ্কাৰ ৰাখক ।
4. সামাজিক অনুষ্ঠান যেনে বিয়া ,সবাহ ,উৎসৱ আদি অনুষ্টুপীয়াকৈ পাতক ।
--- এইবোৰ অভ্যাসত পৰিণত কৰক । কিমান দিনলৈ এই যুঁজ চলে ঠিক নাই ।
মহামাৰী এদিন শেষ হব । আজিৰ পৰা এশ বছৰ আগতে হোৱা স্পেনিচ মহামাৰীত পৃথিৱীত কেইবা কোটি মানুহৰ মৃত্যু হৈছিল । ভাৰতবৰ্ষতে এক কোটি মানুহৰ মৃত্যু হৈছিল । পিচত সি এদিন নিজে নিজে নাইকিয়া হৈ গৈছিল । কিন্তু মনত ৰাখিব সেয়া আছিল এশ বছৰ আগৰ কথা । বিগত এশ বছৰত বিজ্ঞানৰ বিভিন্ন দিশত বিশেষকৈ চিকিৎসা বিজ্ঞানত অভূতপূৰ্ব উন্নতি হৈছে । গতিকে কোভিড নিজে নিজে শেষ হোৱালৈ নৰখি আমি তাক আধা বাটতে পৰাস্ত কৰিব লাগিব । লাখ লাখ মানুহক অসহায় ভাবে মৰিবলৈ এৰি দিব নোৱাৰি । কোভিডৰ বিৰুদ্ধে দেশে দেশে মানুহৰ যুঁজ অব্যাহত আছে আৰু এই যুদ্ধত মানুহৰ জয় বিজ্ঞানৰ জয় অনিবাৰ্য্য । মাত্ৰ অন্ধবিশ্বাসক প্ৰশ্ৰয় নিদিব ।
দূৰভাষ - ৯৮৬৪১৯০৪৭৬
Comments