top of page

লক ডাউনৰ সময়খিনিৰ সু-ব্যৱহাৰ ঢকুৱাখনাৰ যুৱক গৌৰৱ উজ্বলৰ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 2, 2020
  • 2 min read

লক ডাউনৰ সময়খিনিৰ সু-ব্যৱহাৰ ঢকুৱাখনাৰ যুৱক গৌৰৱ উজ্বলৰ

পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰিলে ৱাচিং মেছিন,ৱেলদিং মেছিনকে ধৰি ৪ টা কৈ যন্ত্ৰ



ree

সমগ্ৰ বিশ্বজুৰি আতংক বিয়পোৱা "কভিড-১৯" ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ লগতে অসমতো অব্যাহত থকা দীৰ্ঘদিনীয়া "লক ডাউন"ৰ আমনিদায়ক সময়খিনিৰ সুব্যৱহাৰ কৰি ঢকুৱাখনাৰ এজন উচ্চ শিক্ষিত যুৱকে পেলনীয়া সামগ্ৰীৰে কম খৰছতে নিৰ্মাণ কৰি উলিয়াইছে ৪ টাকৈ বিশেষ যন্ত্ৰ।


যিকেইটা যন্ত্ৰই এতিয়া বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।ঢকুৱাখনাৰ পানীগাঁৱৰ মানিক কোঁছ আৰু যুগ কোঁছৰ পুত্ৰ গৌৰৱ উজ্বল কোঁছে "লক ডাউন"ৰ দীঘলীয়া সময়খিনিত ঘৰতে থাকি সময়ৰ সুব্যৱহাৰ কৰি নিজৰ শিক্ষা, বুদ্ধিমত্তা আৰু প্ৰতিভাৰ সংমিশ্ৰণ ঘটাই প্ৰথমে ঘৰতে মাকক মুগা সূতা কটাত সহায় কৰিবলৈ চিন্তা কৰি এটা যন্ত্ৰ তৈয়াৰ কৰে-- পেলনীয়া কাঠ, এটা ফিল্টাৰৰ মটৰ, ৪ টা বেৰিং, কম্পিউটাৰ ইউ.পি.এছ'ৰ এটা ট্ৰেন্সফৰ্মাৰ আৰু এটা ফেনৰ ৰেগুলেটৰৰ সহায়ত।

প্ৰায় ১ হেজাৰ মান টকা খৰছৰ বিনিময়ত সংগ্ৰহ কৰা পেলনীয়া সামগ্ৰীৰে নিৰ্মিত এই যন্ত্ৰটোৱে সুফল দিয়াত গৌৰৱে পুনৰ নিৰ্মাণ কৰে এটা মুগা সূতাৰ পাক দিয়া যন্ত্ৰ পেলনীয়া সামগ্ৰীৰে-- ৫ শ টকা খৰছ কৰি। ইয়াৰ পিছতে তেওঁ কাৱাৰিৰ পৰা কিনি অনা পেলনীয়া এটা ইনভাৰ্টাৰৰ কপাৰৰ তাঁৰ আৰু কেইদালমান পেলনীয়া ৱায়াৰেৰে নিৰ্মাণ কৰে এটা ৱেল্ডিং মেছিন।

এই ৱেল্ডিং মেছিনটোৰ সহায়তেই পেলনীয়া লোহাৰ, তেলৰ দ্ৰাম, ৰঙৰ টেমা, ২৪ ভল্টৰ এটা ফিল্টাৰৰ বেটাৰী, টেপ আৰু টিভিত থকা দুটা ট্ৰেন্সফৰ্মাৰৰ সহায়ত প্ৰায়--১২ শ মান টকা খৰছ কৰি নিৰ্মাণ কৰি উলিয়াই এটা কাপোৰ ধোৱা ৱাচিং মেছিন।

যিটো বৰ্তমান গৌৰৱ উজ্বলে ঘৰতে ব্যৱহাৰ কৰি আছে।

ইফালে গৌৰৱ উজ্বলে জনোৱা মতে তেওঁ লকডাউনৰ আমনিদায়ক সময়খিনি এইবোৰ যন্ত্ৰৰ নিৰ্মাণ আৰু উন্নয়নৰ কামতে পাৰ কৰিলে। বৰ্তমান অতি কম খৰছতে যিকোনো গাড়ী, মটৰতে সহজে পাম দিব পৰা এটা যন্ত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰি আছে।


ree

এই ক্ষেত্ৰত তেওঁ যদি চৰকাৰীভাৱে কিছু সুযোগ-সুবিধা লাভ কৰে তেনেহ'লে ভৱিষ্যতে কম খৰছত পেলনীয়া ইলেকট্ৰনিক সামগ্ৰীৰে

আৰু বিভিন্ন ধৰনৰ এনে

যন্ত্ৰ উদ্ভাৱনৰ কামত মনোনিৱেশ কৰিব পাৰিব।

ঢকুৱাখনাৰ পৰা

জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন টাইমলাইন অসম

Kommentare


OUR PROGRAM
bottom of page