লাহৰীঘাটৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সঁজাতি দলৰ
- Timeline Asom
- Jul 17, 2020
- 1 min read

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ এটি সঁজাতিৰ দলে। কৃষক মুক্তিৰ সঁজাতি দলটিয়ে লাহৰীঘাটৰ বগলীপৰা, তিনিচুকীয়া মহমাৰি পথাৰ, টেঙাগুৰি কছাৰী গাঁও, বালিডোঙ্গা, ভূৰাগাঁও শিৱবাৰী, পাচঁআলিৰ বানাক্ৰান্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি বন্যাৰ্তসকলৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰে।সঁজাতি দলটিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰা, সাংগঠনিক সম্পাদক ক্ষ্যাতিময় বৰাৰ লগতে দুয়োটা সংগঠনৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে। লাহৰীঘাটৰ গৰাখহনীয়া আৰু বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কৃষক মুক্তিৰ সভাপতি ৰাজু বৰাই বানাক্ৰান্ত লোকসকলক এবছৰৰ বাবে সাহাৰ্য প্ৰদান কৰা, কৃষকসকলক আৰ্থিক সাহাৰ্য প্ৰদানৰ লগতে পাঁচ বছৰৰ বাবে চৰকাৰী কৰ মাফ কৰা, বানাক্ৰান্তক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা, শৌচালয়ৰ ব্যৱস্থাৰ লগতে গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবী জনায় চৰকাৰৰ ওচৰত।
লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ প্ৰতিবেদন টাইমলাইন অসম ।
Comments