top of page

লাহৰীঘাটত পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে KMSSৰ প্ৰতিবাদ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 1, 2020
  • 1 min read

লাহৰীঘাটত পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে KMSSৰ প্ৰতিবাদ



ক'ৰণাৰ ভয়াবহতাৰ মাজতেই বিজেপি মিত্ৰজোট চৰকাৰে হুৰা-হুৰে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰে ৰাম-টোঙোন সোধাইছে সৰ্বসাধাৰণ জনতাৰ মূৰত। পেট্ৰল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজপথত টায়াৰ জ্বলাই চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্ল'গানৰে ভূৰাগাঁৱৰ ৰাজপথ উত্তাল কৰি তুলে।


লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

Comentarios


OUR PROGRAM
bottom of page