top of page

যৱনিকা পৰিল ভুৰবন্ধাত জলসম্পদ বিভাগে ৰচা নাটকৰ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 27, 2020
  • 1 min read


ৰাজ্যৰ জলসম্পদ বিভাগৰ ফোপোলা স্বৰূপ । কেমেৰাৰ সন্মুখতে নিশা ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল চামগুৰি আৰু কলিয়াবৰ সমষ্টিৰ সীমাতে থকা ভুৰবন্ধাৰ শতবৰ্ষ গৰকা লাল মছজিদ । ৰাজ্যৰ বানখহনীয়াই লৈছে ভয়ানক স্থিতি । জলসম্পদ বিভাগৰ হেমাহিৰ বাবেই ভাঙিছে ৰাজ্যৰ বহু মথাউৰি । ৪নং ভুৰবন্ধাৰ স্থানীয় ৰাইজৰ অভিযোগ-- জলসম্পদ বিভাগক বানখহনীয়া নোহোৱাৰ আগতেই ৪নং ভুৰবন্ধাৰ স্থানীয় ৰাইজে বহুবাৰ বান-খহনীয়া প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগত পাৰ্কুপাইনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল কিন্তু বিভাগটোৱে একো গুৰুত্বই নিদিলে । যাৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল ভুৰবন্ধা অঞ্চলৰ শতবৰ্ষ গৰকা লাল মছজিদৰ লগতে বিদ্যালয়, ঘৰ-দুৱাৰ সমূহ। অতদিনে কুম্ভকৰ্ণ নিদ্ৰাত থকা মন্ত্রী কেশৱ মহন্তৰ জলসম্পদ বিভাগটোৱে বান খহনীয়া ৰোধ কৰিবলৈ অহাৰ লগতে শতবৰ্ষ গৰকা লাল মজজিদতো সুৰক্ষাৰ বাবে শনিবাৰে সাৰ পায় আহি অঞ্চলটোত এখন জাহাজেৰে পাৰ্কুপাইনৰ ব্যৱস্থা কৰাৰ এখন নাটক ৰচিছিল যদিও সকলোবোৰ যেন ফুটুকাৰ ফেনত পৰিনত হ'ল ।জলসম্পদ বিভ‍াগটোৱে ৰচা নাটকখনৰ দেওবাৰে নিশা ৯মান বজাত জবনিকা ঘটিল।ততাতৈয়াকৈ ব্যৱস্থা কৰা পাৰ্কুপাইনেও ৰক্ষা কৰিব নোৱাৰিলে লাল মছজিদ সহ বান-খহনীয়া । এনেদৰেই যদি প্ৰতি বছৰে খহনীয়াৰ সৃষ্টি হয় তেনেহ'লে চামগুৰি সমষ্টিৰ মানচিত্রৰ পৰা ভুৰবন্ধা অঞ্চলটো নোহোৱা হৈ যোৱাৰ সম্ভাৱনা দেখিছে স্থানীয় ৰাইজে ।


পুৰণিগুদামৰ পৰা ধ্ৰুৱজ্যোতি গায়নৰ প্ৰতিবেদন টাইমলাইন অসম ।

Comments


OUR PROGRAM
bottom of page