top of page

যোৰহাটত স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 18, 2020
  • 1 min read

ree

ড° হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ কৰ'ণা চিকিৎসাৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়। ইয়াৰ পিছতে ড° শৰ্মাই সংবাদমেল সম্বোধন কৰি এইদৰে কয় যে- যোৰহাটৰ সংক্ৰমণৰ সংখ্যা গুৱাহাটীৰ সমান। অহা আগষ্ট মাহত ৰাজ্যত ৬৫ হাজাৰলৈকে বৃদ্ধি পাব কৰ'ণা ৰোগীৰ সংখ্যা। এই তথ্য দিছে কেন্দ্রীয় চৰকাৰে।আনহাতে, যদিহে কৰ'ণা আক্ৰান্ত লোকৰ ঘৰত সু-ব্যৱস্থা থাকে, অৰ্থাৎ বয়োজ্যেষ্ঠ লোক নাথাকে, আছুতীয়া শৌচালয় থাকে, অক্সিজেনৰ মাত্ৰা কম হ'লে তাৎক্ষণিকভাৱে গাড়ীৰে নিব পৰা সু-ব্যৱস্থা থাকে, তেনেলোকে ইচ্ছা কৰিলে হোম-কোৱাৰেণ্টিনত থাকি চিকিৎসা কৰিব পাৰিব। ইয়াৰ উপৰিও তেখেতে কয়-- কৰ'ণা মহামাৰী শেষ নোহোৱালৈকে অথবা নিয়ন্ত্রণত নহালৈকে কোনোধৰণৰ নতুন নিযুক্তি নহয় আৰু যি ১১ হাজাৰ এল.পি. শিক্ষক পদৰ নিযুক্তি হৈ গৈছিল তেওঁলোকৰ নিযুক্তি হ'ব।


মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ প্ৰতিবেদন টাইমলাইন অসম।

コメント


OUR PROGRAM
bottom of page