top of page
  • Writer's pictureTimeline Asom

যোৰহাটত পুনৰ উজলি উঠিছে এনকেম ছায়েন্স একাডেমী

যোৰহাটত পুনৰ উজলি উঠিছে এনকেম ছায়েন্স একাডেমী




ঐতিহ্যমণ্ডিত যোৰহাট নগৰক সামৰি উজনি অসমৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চতৰ মাধ্যমিক পৰ্য্যায়ত বিজ্ঞান শিক্ষা প্ৰদানৰ উদ্দেশ্যে ২০১৬ চনত প্ৰতিষ্ঠা কৰা এনকেম ছায়েন্স একাডেমীয়ে প্ৰতিষ্ঠা কালৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদানত গুৰুত্ব প্ৰদান কৰি আহিছে।


শিক্ষানুষ্ঠানখনৰ পৰা প্ৰথমবাৰৰ বাবে ২০১৮ চনত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৪৬ গৰাকী শিক্ষাৰ্থীৰ আটাইকেইজনে আশানুৰূপ ফলাফল দেখুৱাই মহাবিদ্যালয়খনক এটি বিশেষ মাত্ৰা প্ৰদান কৰাৰ পাছৰে পৰা পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমানলৈকে সুন্দৰ ফলাফলেৰে শিক্ষানুষ্ঠানটিক উজলাই তুলিছে।


সদ্য ঘোষিত ২০২০বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত উজনি অসমৰ ব্যক্তিগত খণ্ডৰ অন্যতম বিজ্ঞান মহাবিদ্যালয়খন পুনৰ উজলি উঠিছে।

পুৰ্বৰ খ্যাতি অক্ষুন্ন ৰাখি এইবৰ্ষতো মহাবিদ্যালয়খনৰ THIRD BATCH-ৰ ৮১গৰাকী ছাত্ৰ-ছাত্ৰীৰ ফলাফল আছিল এনেধৰণৰ- ডিষ্টিংছন ১২গৰাকী, ষ্টাৰ নম্বৰ ৫৭গৰাকীৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা লেটাৰৰ সংখ্যা আছিল ২১৭।।


গুৰুত্বপূৰ্ণ কথা এয়ে যে প্ৰতিষ্ঠাকালৰে পৰা প্ৰতিবছৰে অসমৰ বিভিন্ন অঞ্চলৰ আৰ্থিকভাৱে পিছপৰা দৰিদ্ৰ পৰিয়ালৰ দুগৰাকী কৃতি শিক্ষাৰ্থীক সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষাদান কৰি অহাৰ লগতে তেওঁলোকক মানৱ সম্পদ ৰূপে গঢ়ি তুলিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষই বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা দেখা গৈছে। এনকেমৰ এনে মহৎ কাৰ্যৰ অংশ হিচাপে এনকমৰ ছায়েন্স একাডেমীৰ আদৰ্শ ছাত্ৰ পাৰ্থপ্ৰতীম লহকৰে এইবছৰৰ ফলাফলত শতকৰা ৯৩.৮% নম্বৰ লাভ কৰি মাত্ৰ চাৰিটা নম্বৰৰ বাবে বিশেষ স্হান লাভৰ পৰা বঞ্চিত হ'ব লগা হয়। এনকম একাডেমীয়ে বিনামূলীয়া নামভৰ্তি কৰাৰ উপৰিও পঢ়া-শুনাৰ সকলো দায়িত্ব বহণ কৰা যোৰহাটৰ সৰ্বাইবন্ধা কৃষ্ণনগৰৰ এইগৰাকী কৃতি শিক্ষাৰ্থীৰ দেউতাকে সাধাৰণ এখন পান-তামোলৰ দোকান দি পৰিয়ালটোক কোনোমতে চলাই আহিছে।


মহাবিদ্যালয় কৰ্তৃপক্ষই টাইমলাইন অসমক জানিবলৈ দিয়া মতে পাৰ্থপ্ৰতিম লহকৰে বৰ্তমান সৰ্বভাৰতীয় পৰীক্ষা (JEE)-ৰ বাবে এনকেম ছায়েন্স একাডেমীৰ ভগ্নী অনুষ্ঠান 'এনকেম ইনষ্টিটিউট'ত প্ৰস্তুতি চলাই আছে।


মাজুলীৰ পৰা

ৰজনীকান্ত বৰদলৈ

টাইমলাইন অসম।


70 views0 comments

Comments


bottom of page