top of page

যোৰহাটত অখিল গগৈ-দেৱাংগনা কলিতাৰ মুক্তিৰ দাবী

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 3, 2020
  • 2 min read

যোৰহাটত অখিল গগৈ-দেৱাংগনা কলিতাৰ মুক্তিৰ দাবীত কা-বিৰোধী ঐক্যমঞ্চৰ বৃহৎ প্ৰতিবাদ ।। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা ।


কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ প্ৰতিবাদত ত্ৰস্তমান চৰকাৰে চূড়ান্ত দমনমূলক নীতিৰে দীৰ্ঘদিন কাৰাৰূদ্ধ কৰি থৈ এজন প্ৰকৃত অসমীয়াৰ কণ্ঠ ৰূদ্ধ কৰিবলৈ গৈ জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ অহা চৰকাৰখনে অন্যায়ভাৱে বলিষ্ঠ জাতিসত্বাক অপমানিত কৰিছে।



দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পাই অহা পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, অখিল গগৈ আৰু দেৱাংগনা কলিতাসহ বন্দী হৈ থকা কা-বিৰোধী সকলো নেতাৰ মুক্তি, জয়ন্ত বৰাকে ধৰি ৰাজ্যখনত শেহতীয়াকৈ হৈ থকা সকলো হত্যাকাণ্ডৰ দোষীক বিচাৰি উলিয়াই কঠোৰতম শাস্তি প্ৰদান কৰা, বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা আৰু শেহতীয়াকৈ ৰাজ্যখনৰ কৃষিভূমিত উদ্যোগ স্থাপনৰ বাবে পুঁজিপতিক চমজাই দিয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে কা-বিৰোধী ঐক্যমঞ্চ, যোৰহাটৰ সভাপতি নিৰঞ্জন মহন্ত আৰু কাৰ্যকৰী সভাপতি ড° সোমেন্দ্ৰ নাথ বুঢ়াগোহাঞিৰ নেতৃত্বত এক বৃহৎ প্ৰতিবাদী দলে জিলা উপায়ুক্তৰ কাৰ্যালয় উত্তাল কৰি তোলে।মঞ্চৰ সভাপতি নিৰঞ্জন মহন্ত, কাৰ্যকৰী সভাপতি ড°সোমেন্দ্ৰ বুঢ়াগোহাঞি, উপ-সভাপতি হেমেন বৰা, সম্পাদক অৰিন্দম গগৈ প্ৰমূখ্যে নেতৃবৰ্গই কয় যে বৰ্তমান দেশৰ পৰিস্থিতিত আন্দোলন কৰাৰ পৰিবেশ নাই যদিও চৰকাৰৰ কাম-কাজে আন্দোলন কৰিবলৈ বাধ্য কৰাইছে। সেয়েহে সামাজিক দূৰত্ব বজাই ৰাখি ৰাজ্যখনৰ লগতে অসমবাসীৰ স্বাৰ্থত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি উল্লেখ কৰি প্ৰতিবাদকাৰী নেতৃত্বই কয় যে কৰ'নাৰ বাবে ৰাইজক ভিতৰতে সোমাই থাকিবলৈ কৈ শাসকীয় দলে জনতাৰ মাজত সোমাই প্ৰলোভনৰ ৰাজনীতি কৰিছে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে । পেট্ৰ'ল-ডিজেল আৰু খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি জনতাৰ মূৰত মাধমাৰ সোধাইছে আৰু জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰে শেহতীয়াকৈ উদ্যেগীকৰণৰ নামত থলুৱা লোকৰ হাতত থকা কৃষিভূমি পুঁজিপতিক চমজাই দিয়াৰ কূটিল ষড়যন্ত্ৰত লিপ্ত হৈছে।চৰকাৰৰ এনে হঠকাৰী কাৰ্যৰ বিৰূদ্ধে প্ৰতিবাদ কৰাটো সময়ৰ দাবী বুলি নেতাকেইজনে কয়। প্ৰতিবাদী কাৰ্যসূচীত চি পি আই(এম)ৰ নেতা সুনীল বৰুৱা, "চিটু"ৰ জিলা সভাপতি নিৰ্মল চন্দ্ৰ গগৈ, উজনি অসম মুছলিম কল্যান পৰিষদৰ নেতা ড° খঞ্জন আলি হাজৰিকা, যোৰহাট উকিল সন্হাৰ সম্পাদক দীপ ৰঞ্জন চেতিয়া, বেংক কৰ্মচাৰী ইউনিয়নৰ প্ৰমোদ মহন্ত, সদৌ অসম কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সভাপতি প্ৰদীপ বৰা,আছুৰ কেন্দ্ৰীয় সদস্য মঞ্জিৎ কলিতা, জিলা সচিব গীতা খনিকৰ, অধিবক্তা সুদীপ্ত নয়ন গোস্বামী, সাহিত্য সভাৰ সম্পাদক মৃদুল কুমাৰ বৰাই অংশগ্ৰহণ কৰে।


মাজুলীৰ পৰা

ৰজনীকান্ত বৰদলৈৰ প্ৰতিবেদন

টাইমলাইন অসম

Comentários


OUR PROGRAM
bottom of page