top of page

মৰিগাঁৱৰ সাপমাৰীত ছাত্ৰৰ সলিল সমাধি ।।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 22, 2020
  • 1 min read

ree

কালি মৰিগাঁৱৰ সাপমাৰীত ছাত্ৰ এজনৰ সলিল সমাধি ঘটে। ঘটনাৰ বিৱৰণী মতে আনদিনাৰ দৰে ঘৰৰ হাঁহকেইটাক পুখুৰীৰ পৰা খেদি আনিবলৈ যাওঁতে ভৰি পিচলি পুখুৰীত পৰাত স্থানীয় ৰাইজে ছাত্ৰজনক উদ্ধাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই যদিও মৃত অৱস্থাতহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অমিয় কুমাৰ নাথ আৰু বিভাৰাণী দেৱীয়ে ১৮ বছৰীয়া একমাত্ৰ পুত্ৰ বিকাশ কুমাৰ নাথক হেৰুৱাই শোকত ভাগি পৰিছে। নগাঁও আই.আই.টি. (IIT)ত অধ্যয়নৰত ছাত্ৰজনে অকাল মৃত্যুক সাৱটিবলগীয়া হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

- মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page