top of page

মৰিগাঁৱৰ এজন কৰ্ম উদ্যমী সফল কৃষক

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 3, 2020
  • 1 min read

ree

ree

মিকিৰভেঁটা ৰাজহ চক্ৰৰ অন্তৰ্গত শুকদল বৰবৰী গাঁৱৰ এজন শিক্ষিত কৰ্মোদ্যমী কৃষক হৈছে প্ৰহ্লাদ নাথ। তেখেতে চৰকাৰী সাহায্য অবিহনেই লক ডাউনৰ সময়চোৱাত শাক-পাচলি খেতিৰ জৰিয়তে যথেষ্ট লাভাম্বিত হোৱাৰ লগতে দুই বিঘা মাটিত উন্নত জাতৰ বগৰী,তামোল আৰু কলৰ পুলি ৰোপন কৰিছে।আন দহজনৰ আদৰ্শস্বৰূপ নাথে কয়- "কাম কৰ অসমীয়া বনিজত ধৰ" ।এই বাক্য শাৰীক বাস্তৱ ৰূপ দিয়াৰ বাসনাত সীতাজখলা দুগ্ধ উৎপাদন সমিতিৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে মৰিগাঁও মাজমজিয়াত মহাৰাজা এন্টাৰপ্ৰাইজ নামেৰে থলুৱা গাখীৰৰ দ্বাৰা প্ৰস্তুত কৰা মিঠাই জাতীয় দোকান শুভাৰম্ভ কৰে।প্ৰকৃতিৰ দূৰন্ত প্ৰেমিক সত্যেন মহন্তৰ "আমাক জিয়াই থাকিবলৈ দিয়ক" শ্ল'গানৰ জৰিয়তে গড়ঁ গছ গছনি সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ প্ৰ‌য়াস কৰিছে । তেখেতৰ এই প্ৰচেষ্টাক আমি টাইম লাইন অসম পৰিয়ালৰ পৰা শুভকামনা জনাইছোঁ লগতে এনেধৰণৰ কামৰ প্ৰতি অনুপ্ৰাণিত হৈ নৱ প্ৰজন্ম‌ই নিজকে কৃষি কৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ পৰিচয় দাঙি ধৰক।


মৰিগাঁৱৰ পৰা

ভৰত কুমাৰ নাথ

টাইম লাইন অসম

Commenti


OUR PROGRAM
bottom of page