top of page

মৰিগাঁৱৰ এজাৰবাৰীত বানত ডুবি বোৱাৰীৰ মৃত্যু ।।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 22, 2020
  • 1 min read

ree

বছৰৰ তৃতীয়টো বানত মৰিগাঁও জিলাখনৰ প্ৰায়বোৰ গাঁৱত বাঢ়নী পানীয়ে তাণ্ডৱ চলাই থকাৰ মাজতেই ২নং গোনামাৰা গাঁৱৰ এগৰাকী বোৱাৰীৰ পানীত ডুবি অকাল মৃত্যুক সাৱটি লোৱা ঘটনাটো সচাকৈয়ে হৃদয়বিদাৰক।

ঘটনাৰ বিৱৰণী অনুসৰি মঙ্গলবাৰে দুপৰীয়া দুখীৰাম বিশ্বাসৰ পত্নী তথা দুজনী এবছৰীয়া আৰু চাৰিবছৰীয়া কনমানী কন্যা সন্তানৰ মাতৃ সুমিত্ৰা বিশ্বাসে(২৭বছৰ) নিজৰ ঘৰখন বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ বাবে চোতালৰ কাষতে গা ধুই থকা অৱস্থাত হঠাৎ পানীত ডুব যায়। প্ৰত্যক্ষদৰ্শীৰ চিঞৰ-বাখৰৰ ফলত স্বামীৰ লগতে কেইবাজনো লোকে পানীত ডুবি ডুবি মহিলাগৰাকীক উদ্ধাৰৰ চেষ্টা চলাই যদিও অৱশেষত মৃত অৱস্থাতহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।দুয়োটি শিশুৱে মাকৰ মুখখনলৈ চাই চাই কান্দি থকা মুহূৰ্তটো ভাষাৰে বৰ্ণনা কৰা কষ্টকৰ। চৰকাৰী গাঁওবুঢ়া যদুকান্ত দলৈয়ে দিয়া খৱৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৰ্মান্তিক এই ঘটনাটোত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।


মৰিগাঁৱৰ পৰা

ভৰত কুমাৰ নাথৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

Kommentare


OUR PROGRAM
bottom of page