top of page

মৰিগাঁৱত বন মহোৎসৱৰ সফল সামৰণি

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 9, 2020
  • 1 min read

Successful conclusion of Forest Festival in Morigaon

সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী "জীৱন জেউতি কৃষক সংঘ‌"ই যোৱা ১জুলাইৰ পৰা ৭জুলাইলৈকে ধাৰাবাহিকভাৱে জিলাখনৰ বিভিন্ন ঠাইত বৃক্ষৰোপণ কৰি আহিছে। চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰেখা গোহাঁইয়ে বৃক্ষৰোপনৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছতেই খান্দাজান, মানিপুৰ, ঔজাৰী, গলচেপা, কুমৈ, জাগীভকতগাঁও, বঙালধৰা আদি ঠাইত গছৰ পুলি ৰোপন কৰে। গছ সংৰক্ষণৰ উদ্দেশ্যে ডোঙাবড়ী গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত আবেলি এখন সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত প্ৰকৃতিৰ দূৰন্ত প্ৰেমিক তথা কবি দেবেন দাস, হিতেশ শৰ্মাৰ উপৰিও কুলৈ বন সংমণ্ডলৰ বনবিষয়া গিৰিশ কলিতাসহ জিলা AJYCPৰ উপ-সভাপতি জ্যোতিময় গোস্বামী উপস্থিত থাকি ৰাইজক উদ্দেশ্যি পৰিবেশ তথা বন সংৰক্ষণৰ বিষয়ে বক্তব্য আগবঢ়াই। সভাৰ শেষত জীৱন জেউতি কৃষক সংঘ‌ৰ সমন্বয়ক তুলসী ডেকাই বন মহোৎসৱৰ সাতদিনীয়া কাৰ্যসূচীসমূহত সকলোৱে সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। শেষত ৰাইজৰ মাজত একোটাকৈ গছপুলি বিতৰণৰ জৰিয়তে সভাখনৰ সামৰণি পৰে।

মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতিবেদন টাইম লাইন অসম ।।

Comments


OUR PROGRAM
bottom of page