মৰিগাঁৱত বানৰ সংহাৰী ৰূপ ।। কেইবাখনো গাঁৱৰ যোগাযোগ বিচ্ছিন্ন ।
- Timeline Asom
- Jul 16, 2020
- 1 min read

সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলাখনতো বৰ্তমানৰ বাঢ়নীপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। জিলাখনৰ মৰিগাঁও, মায়ং, ভূৰাগাওঁ, লাহৰিঘাট, মিকিৰভেটা ৰাজহ চক্ৰৰ প্ৰায় তিনি শতাধিক গাঁও প্লাবিত হোৱাৰ উপৰিও ন ন অঞ্চল পুনৰ বানত প্লাবিত হোৱাৰ উপক্ৰম হৈছে। ইফালে ভুক্তভোগী ৰাইজে জীয়াই থকাৰ তাড়ণাত আশ্ৰয় বিচাৰি নিৰাপদ ঠাইলৈ ঢাপলি মেলিছে। এইক্ষেত্ৰত আশ্ৰয় শিবিৰ সমূহত প্ৰশাসনৰ ফালৰ পৰা বাতৰি লিখা পৰলৈকে কোনোধৰণৰ সাহাৰ্য প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। ইতিমধ্যে জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ উপপথ বানপানীত বুৰ যোৱাৰ ফলত ঠাইবিশেষে যোগাযোগ ব্যৱস্থা বিছিন্ন হৈ পৰিছে। আনফালে পশুধনৰ লগতে বৰ্ন্যাতৰ মাজত খোৱাপানী আৰু খাদ্য সংকটে দেখা দিছে। স্থানীয় বিধায়কজনে কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। জিলা প্ৰশাসনৰ ফালৰ পৰা মণ্ডলসকলক বানপীড়িত অঞ্চল বিশেষে পৰিস্থিতি বুজ লোৱাৰ লগতে সাহাৰ্য বিতৰণৰ নামৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। পোহনীয়া জীৱ-জন্তুৰ বাবে ত্ৰিপাল, পশু খাদ্য আৰু আশ্ৰয় শিবিৰ সমূহত খোৱাপানী, খাদ্যৰ ব্যৱস্থা কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে বন্যাৰ্ত ৰাইজে চৰকাৰ তথা জিলা প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছে।
মৰিগাঁৱৰ পৰা
ভৰত কুমাৰ নাথৰ প্ৰতিবেদন
টাইম লাইন অসম ।।
Comments