top of page

মৰিগাঁৱত নিশা চুৰে চলালে চাফাই অভিযান

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 10, 2020
  • 1 min read

যোৱানিশা মৰিগাওঁ সদৰ আৰক্ষী চকীৰ নিকটৱৰ্তী খান্দাজান ৰয় মাৰ্কেটত কেইবাখনো দোকানৰ চাৰ্টাৰ, তলা আদি ভঙাৰ লগতে এখন কাপোৰৰ দোকানত আৰু সৰিয়হৰ গোদাম এটাৰ পৰা সকলো সামগ্ৰী চুৰে লৈ ‌উধাও হোৱা ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । চুৰি হোৱা দোকানৰ মালিকদ্বয় ক্ৰমে গোপীনাথ মণ্ডল আৰু দেবেন্দ্ৰ ৰয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি তেওঁলোকৰ প্ৰায় ১২ লাখ মান টকাৰ সামগ্ৰী চুৰি হয়।এই ক্ষেত্ৰত স্থানীয় ৰাইজে জিলা প্ৰশাসনৰ ওচৰত সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় কয়-- আমাৰ খান্দাজান VDP সমিতিক ক'ভিড ১৯ ৰ কোৱাইন্টাইন কেন্দ্ৰত পহৰা দিয়াৰ পাছৰে পৰা অঞ্চলটোত কোনেও পহৰা দিয়া নাই। সেয়েহে প্ৰতিদিনে নিশা তিনি চাৰিবাৰকৈ আৰক্ষীৰ ফালৰ পৰা তহল দিয়াৰ ব্যৱস্থা কৰিলে নিশ্চয় এনে চুৰিকাৰ্য পুনৰ হোৱাৰ সম্ভাৱনা কমিব ।


মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতাবেদন

টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page