top of page
  • Writer's pictureTimeline Asom

মৰিগাঁও সাংস্কৃতিক উন্নয়ন মঞ্চৰ এক প্ৰশংসনীয় পদক্ষেপ ।


বানে গৰকা মৰিগাঁৱৰ বৰ্তমান পৰিস্থিতি কিছু উন্নত হৈছে যদিও প্ৰায়বোৰ অঞ্চল এতিয়াও জলমগ্ন হৈয়ে আছে। আজি বিলৰমূৰ ওখভেটিত আশ্ৰয় লৈ থকা বানপীড়িত পৰিয়ালৰ দুখ-দুৰ্দশাৰ বুজ ল'বলৈ মৰিগাঁও সাংস্কৃতিক উন্নয়ন মঞ্চৰ সভানেত্ৰী নমিতা বিশ্বাস, সম্পাদক সপোন কুমাৰ দাস প্ৰমুখ্যে কৰি এটা দল উপস্থিত হয় । উল্লেখনীয় কথাটো হ'ল, এই জটিল সন্ধিক্ষণত শিল্পীসকল নিজেই আৰ্থিক দৈন্যতাত ভুগি আছে যদিও মানৱসেৱাৰ মনোভাৱেৰে মঞ্চৰ প্ৰতিজন কাৰ্যকৰ্তাৰ লগতে বিভিন্নজন সমাজহিতৈষী ব্যক্তি আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা খাদ্য-সামগ্ৰীসমূহ এশ চল্লিশটা বানপীড়িত পৰিয়ালৰ মাজত বিতৰণ কৰে। সংগঠনটোৰ এনে পদক্ষেপক ভুক্তভোগী ৰাইজে শলাগ লৈছে।

- মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতিবেদন টাইমলাইন অসম।।

6 views0 comments

Comments


bottom of page