top of page

মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ কুমাৰ নাথৰ দেহাৱসান

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 23, 2020
  • 1 min read

মঙ্গলবাৰৰ পুৱতি নিশা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰাদেশিক নাথ যোগী সন্মিলনীৰ প্ৰাক্তন সম্পাদক তথা জিলা সমিতিৰ প্ৰাক্তন সভাপতি, নাথ যোগী উন্নয়ন পৰিষদৰ প্ৰাক্তন সদস্য, ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰাপক, এগৰাকী সুদক্ষ ভাগৱতৰ ভাষ্যকাৰ, কেইবাখনো গ্ৰন্থ ৰচনাৰে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট কবি, সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন্দ্ৰ কুমাৰ নাথে মৰিগঁঞা সুধী সমাজক কন্দুৱাই ইহলীলা সম্বৰণ কৰে। কৰ'না মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতৰ বাসগৃহতেই জিলা সাংবাদিক সংন্থাৰ প্ৰাক্তন সম্পাদক অজিত শৰ্মাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত উপস্থিত থকা জিলাখনৰ কেইবাটাও অনুষ্ঠানৰ বিষয়ববীয়াই বিশেষকৈ অসম সাহিত্য সভা, মৰিগাঁও সাংবাদিক সংন্থা, সদৌ অসম ছাত্ৰ সন্থা, নাথ যোগী সন্মিলনী, নাথ যোগী যুৱ পৰিষদ, নাথ যোগী ছাত্ৰ সন্থা, মাধ্যমিক শিক্ষক সন্থা, নাৰী মঞ্চ, লেখিকা সমাৰোহ, কবি মঞ্চ, জেষ্ঠ নাগৰিক সমাজ, বঙালী সমাজ আদিয়ে পতাকা, গামোচা, চেলেং, ফুল আদিৰে গভীৰ শ্ৰদ্ধা নিবেদন কৰে। বিশাল ব্যক্তিত্বৰ অধিকাৰী নাথ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আছিল। উল্লেখনীয় যে মৰিগাঁও জিলা সাহিত্য সভা গঠনৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৱদান আছে। এনে এজন সৰলমনা, সমাজহিতৈষী বৰেণ্য ব্যক্তিৰ মৃত্যুত জিলাখনৰ কেইবাটাও অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে জিলা সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰি তেখেতৰ আত্মাৰ সদগতিৰ কামনাৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

- মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতিবেদন টাইমলাইন অসম ।।

コメント


OUR PROGRAM
bottom of page