top of page

মৰিগাঁও জিলা প্ৰশাসনৰ আহৰি নাই

Writer: Timeline AsomTimeline Asom

বন্যাৰ্তৰ খৱৰ ল'বলৈ মৰিগাঁও জিলা প্ৰশাসনৰ আহৰি নাই



সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলাখনৰ বিস্তৃৰ্ণ এলেকা বানত প্লাবিত হয়। মৰিগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত বঘৰা, মানিপুৰ, এজাৰবাৰী আৰু কোৱঁৰগাঁও গাঁও পঞ্চায়ত এলেকাৰ প্ৰায় ২৫খনৰো অধিক ৰাজহ গাঁও বানৰ কবলত পৰে। উল্লেখনীয় কথাটো হ'ল, পাচঁ/ছয় দিন পাৰহৈ যোৱাৰ পাছতো জিলা প্ৰশাসনে প্লাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰি বন্যাৰ্তৰ মাজত সাহাৰ্য বিতৰণ কৰা দেখা নগ'ল। এইক্ষেত্ৰত বানপ্ৰীড়িত লোকসকলে জিলা প্ৰশাসনৰ ওচৰত সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় কয়- আমাৰ অধিকাংশ খেতিৰ ফচল পানীৰ তলতেই আছে তথাপিতো চৰকাৰ তথা জিলা প্ৰশাসন নিদ্ৰাৰত অৱস্থাত। ইফালে গৰু, ছাগলীবোৰ খাদ্যৰ অভাৱত শুকাই ক্ষীণাই যাবলৈ ধৰিছে। ফলস্বৰূপে পোহনীয়া জীৱ-জন্তুবোৰ ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনাই বেছি। গতিকে তৎকালীন ভাৱে বানত প্লাবিত অঞ্চল সমূহ পৰিদৰ্শন কৰি বন্যাৰ্ত লোকসকলৰ লগতে পশুধনৰ বাবে খাদ্য-সামগ্ৰী বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক ৰাইজে আহ্বান জনায়।


মৰিগাঁৱৰ পৰা

ভৰত কুমাৰ নাথ

টাইম লাইন অসম

Comments


OUR PROGRAM
bottom of page