top of page
  • Writer's pictureTimeline Asom

মহিলা সমিতিৰ বিক্ষোভ প্ৰদৰ্শন

ৰঙাপাৰা নগৰত চি.পি.আই. (এম) আৰু গণতান্ত্ৰিক মহিলা সমিতিৰ নগৰখনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বিক্ষোভ প্ৰদৰ্শন ।।


আজি চি.পি.আই.(এম) ৰঙাপাৰা নগৰ আঞ্চলিক কমিটিৰ উদ্যোগত ৰঙাপাৰা নগৰৰ বিভিন্ন জ্বলন্ত সমস্যাৰ সমাধানৰ দাবীত এক বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। দলৰ সদস্যৰ উপৰিও ৰঙাপাৰা নগৰৰ মহিলা-নাগৰিকসকলেও এই আন্দোলনত অংশগ্ৰহণ কৰে আৰু ৰঙাপাৰাৰ ৰাজপথৰ মাজেদি সমদল কৰি পৌৰসভাৰ সম্মুখত উপস্থিত হৈ বিক্ষোভ প্রদর্শন কৰে ।


উক্ত কাৰ্যসূচীত চি.পি.আই.(এম) ৰঙাপাৰা নগৰ আঞ্চলিক কমিটিৰ সাধাৰণ সম্পাদক ৰসৰাজ নন্দী, শ্ৰমিক-নেতা ভবানন্দ ৰয়, ৰয়েল চৰেংসহ ৰঙাপৰা নগৰ কমিটিৰ প্ৰাক্তন দুই ৱাৰ্ড কমিছনাৰ ক্ৰমে তৰুণ দত্ত লহকৰ আৰু ৰাণী তামুলী উপস্থিত থাকে। নিম্নলিখিত দাবীসমূহ সমাধান কৰাৰ বাবে ৰাজহচক্ৰ বিষয়াক এক স্মাৰকপত্ৰৰ জৰিয়তে সমগ্ৰ বিষয়সমূহ অৱগত কৰা হয়।


দাবীসমূহ আছিল--

১। নগৰৰ জাৱৰ নিষ্কাষণৰ বাবে সদ্যঘোষিত 'কৰ’ প্ৰত্যাহাৰ কৰক।

২। নগৰৰ বিধ্বস্ত পথ-উপপথসমূহ অতিশীঘ্ৰে মেৰামতি কৰক আৰু চলাচলৰ সু-ব্যৱস্থা ৰাখি পৰিকল্পিতভাৱে নিৰ্মানকাৰ্য অব্যাহত ৰাখক।

৩। বন্ধ হৈ থকা পানী যোগানৰ ব্যৱস্থা অতিশীঘ্ৰে নিয়মীয়া কৰক।

৪। বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ ব্যৱস্থা কৰক। বন্ধ হৈ থকা High Mast Light আৰু Street Light সমূহ কাৰ্যক্ষম কৰক।

৫। লকডাউনৰ সময়ত চৰকাৰী সাহায্য বিতৰণৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ তদন্ত শীঘ্ৰে ৰাজহুৱা কৰক আৰু দোষী ব্যক্তিক শাস্তি দিয়াৰ ব্যৱস্থা কৰক।

উল্লেখযোগ্য যে, কাৰ্যবাহী বিষয়াৰ অনুপস্থিতিত তেওঁৰ প্ৰতিনিধি দ্বীপ দত্তই স্মাৰকপত্ৰ গ্ৰহণ কৰে।

- মঙলদৈৰ পৰা মৃদুল বড়াৰ প্ৰতিবেদন টাইমলাইন অসম ।

8 views0 comments

Comments


OUR PROGRAM
bottom of page