top of page
  • Writer's pictureTimeline Asom

মন্ত্ৰী অতুলৰ ভেঁটি কঁপাই বোকাখাতত আঞ্চলিক গণমৰ্চাৰ ৰণশিঙা।


বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ

বিশেষ প্ৰতিবেদন।


সাম্প্ৰদায়িক বিজেপি-মিত্ৰজোঁটক উফৰাবৰ আহ্বান অজিত ভূঞাৰ। বোকাখাত নাট্য মন্দিৰত আঞ্চলিক গণ মৰ্চাৰ বোকাখাতবাসীৰে মত বিনিময় অনুষ্ঠান।

সাম্প্ৰদায়িক বিজেপি আৰু মিত্ৰজোঁটক উফৰাই সঁচা অৰ্থত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ সংকল্পৰে বৃহস্পতিবাৰে বোকাখাতত আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনৰ ৰণশিঙা বজায় আঞ্চলিক গণ মৰ্চাই৷


আঞ্চলিক গণ মৰ্চাৰ আহ্বায়ক তথা সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত অহা এটা দলে বোকাখাত নাট্য মন্দিৰত বোকাখাতৰ বিভিন্ন জাতীয়-ৰাজনৈতিক দল-সংগঠন, সচেতন ৰাইজৰ স'তে আলোচনাত মিলিত হয়৷ সাংসদ ভূঞাই কয় যে জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল'গানেৰে দিশপুৰৰ গাদী দখল কৰা বিজেপি নেতৃত্বতাধীন চৰকাৰখনে অসমৰ জনতাক প্ৰতি মুহূৰ্ততে প্ৰতাৰণা কৰি আহিছে।


ৰাইজৰ স'তে বিশ্বাসঘাতকতা কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বৰ চৰকাৰখনক ৰোধিবলৈ প্ৰতিগৰাকী জনতাক আহ্বান জনায়৷ তেখেতে কয় যে সততে বদৰুদ্দিন আজমলৰ কথা কোৱা হয় যদিও আজমলে নহয়, বৰং বি জে পিয়েহে অসম শেষ কৰিছে৷ আনহাতে, আঞ্চলিকতাবাদৰ নেতৃত্ব দি অগপক বিজেপিৰ নেগুৰলৈ পৰিণত কৰা অতুল বৰাই শাসনৰ গাদী দখল কৰি কেৱল লুণ্ঠন চলাইছে৷ বোকাখাতৰ জনগণৰ কোনো সমস্যাৰ সমাধান নকৰি কেৱল নিজে টনকিয়াল হোৱা তথা ভোটৰ ৰাজনীতিত মত্ত থকা মন্ত্ৰী অতুল বৰাক জনতাৰে কৰা বিশ্বাসঘাতকতাৰ শাস্তি দিবৰ চিন্তা কৰা হৈছে৷


যাৰ বাবেই সংস্কৃতিবান স্থান বোকাখাতৰ পৰা অতুল বৰাক পুলিয়ে পোখাই উভালি সুস্থ আঞ্চলিকতাবাদ গঢ়াৰ বাবেই আজিৰ আলোচনা বুলি সাংসদ অজিত কুমাৰ ভূঞাই স্পষ্ট কৰে৷ তেখেতে লগতে আঞ্চলিকতাবাদৰ স্বাৰ্থত, জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত সঁচা অৰ্থত কাম কৰা নিষ্ঠাবান অগপ-বিজেপিৰ কৰ্মীসকলক আঞ্চলিক গণ মৰ্চাত যোগদান কৰিবলৈয়ো আহ্বান জনায়৷


আনহাতে, বিজেপিয়ে কৰ’ণাৰ নামত ৰাজনীতি কৰি সকলোকে ঘৰত আবদ্ধ কৰি ৰখাৰ যি পৰিকল্পনা কৰিছিল, সেয়া ইতিমধ্যেই ফাদিল হৈছে বুলি উল্লেখ কৰি সাংসদ অজিত ভূঞাই দুৰ্নীতিগ্ৰস্ত বিজেপিৰ বিৰুদ্ধে সকলোকে মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায়৷ বোকাখাত বিধান সভা সমষ্টিৰ সাধাৰণ জনসাধাৰণে অগপ-বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ কাৰ্য কলাপৰ বিৰুদ্ধে সৰব ভূমিকা গ্ৰহণ কৰি থকাৰ সময়তে আঞ্চলিক গণ মৰ্চাৰ বৃহস্পতিবাৰৰ আলোচনা অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে৷






কৃৃৃৃষক নেতা সোণেশ্বৰ নৰহে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত সাংসদ অজিত কুমাৰ ভূঞাৰ উপৰিও সাংবাদিক মনজিৎ মহন্ত, বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰ, প্ৰতিবাদী সত্বা হলিৰাম টেৰাঙে অংশ লয়৷ অনুষ্ঠানটোত ২০২১ চনৰ অনাগত নিৰ্বাচনত বিজেপিক অসমৰ জাতিধ্বংসী কাৰ্যকলাপৰ বাবে চিৰদিনলৈ বিদায় দিয়াৰ বিষয়টোয়ে মুখ্য ভাৱে চৰ্চা লাভ কৰে। অনুষ্ঠানটোত অংশ লোৱা মনজিত মহন্তই

আঞ্চলিকতাবাদক পুনৰ উদ্ধাৰ আৰু শক্তিশালী কৰাৰ স্বাৰ্থত আঞ্চলিক গণ মৰ্চা গঠন কৰা হৈছে বুলি মন্তব্য কৰাৰ লগতে অনাগত নিৰ্বাচনত বহুকেইটা সংগঠন আৰু ৰাজনৈতিক দলে মৰ্চাক সমৰ্থন জনাইছে বুলি ব্যক্ত কৰে৷


উল্লেখযোগ্য যে, বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, সচেতন ব্যক্তিৰ উপস্থিতিত কা বিৰোধী ঐক্য মঞ্চয়েও আঞ্চলিক গণ মৰ্চাক নিৰ্বাচনী যুঁজত সমৰ্থন দিয়াৰ কথাও ব্যক্ত কৰে বিশিষ্ট ব্যক্তি কেইজনে। আনহাতে, বোকাখাতৰ অভিভাৱক স্বৰূপ ভবেশ শইকীয়াই অনুষ্ঠানটোলৈ আৰু আঞ্চলিক গণ মৰ্চাক সমৰ্থণ জনাই এখন শুভেচ্ছামূলক পত্ৰ প্ৰেৰণ কৰে আৰু পাঠ কৰে মানৱ অধিকাৰ কৰ্মী সোনেশ্বৰ নৰহে।


মত বিনিময় অনুষ্ঠানটোত ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চ, জীপাল কৃষক-শ্ৰমিক সংঘ, আম আদমী পাৰ্টি, অনুসূচিত জাতি ছাত্ৰ সংস্থা, চি পি আই, বোকাখাত সাংবাদিক সংন্থাৰ লগতে ভালে কেইটা দল সংগঠনে অংশ লোৱাৰ লগতে বোকাখাতৰ বিধায়ক অতুল বৰাৰ ক্ৰিয়া কলাপৰ বিৰুদ্ধাচৰণ কৰি বোকাখাত অগপৰ পৰা পদত্যাগ কৰা মুহীধৰ শইকীয়া, লগতে ভালেকেইজন কৰ্মীয়েও অনুষ্ঠানটোত অংশ লোৱা বিষয়টোয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। আনহাতে, মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলেই বোকাখাতৰ ৰাজনীতিৰ পৰা ভ্ৰষ্টাচাৰত লিপ্ত মন্ত্ৰী অতুল বৰাক উফৰাবলৈ সকলো পক্ষকে একত্ৰিত হ'বৰ আহ্বান জনায়৷ বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত আলোচনা অনুষ্ঠান অসমৰ জাতীয় সংগীতেৰে সামৰা হয়৷

99 views0 comments

Kommentit


bottom of page