top of page

মৈৰাবাৰীত মালবাহী টেম্পু দুৰ্ঘটনাত থিতাতে নিহত এজন

  • Writer: Timeline Asom
    Timeline Asom
  • Jun 30, 2020
  • 1 min read

মৈৰাবাৰীত মালবাহী টেম্পু দুৰ্ঘটনাত থিতাতে নিহত এজন




মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত মৈৰাবাৰীৰ পৰা লাহৰিঘাট সংযোগী পথত মালবাহী টেম্পু এখন দূৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত হয় এজন। এই ঘটনাটোৱে সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । লগতে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ নিজা সমষ্টিত পথৰ কিমান উন্নয়ন হৈছে আজি তাৰ জ্বলন্ত ছবি দেখা গ'ল ধিং সমষ্টিৰ এই জৰাজীৰ্ণ পথচোৱাত। বিভিন্ন সময়ত বিৰ্তকত সোমাই পৰা বিধায়ক আমিনুল ইছলামে আজিলৈকে তেওঁৰ নিজা সমষ্টিত এটা পথো সামান্য ভাৱে হ'লেও উন্নতি কৰা দেখা নগ'ল। উল্লেখ্য যে মৈৰাবাৰীৰ পৰা লাহৰিঘাটলৈ যোৱা গড়কাপ্তানি পথৰ দূৰৱস্থাৰ ফলত এই ঘটনাটো সংগঠিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ।


ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ প্ৰতিবেদন

টাইম লাইন অসম

Kommentarer


OUR PROGRAM
bottom of page