top of page

মায়ঙৰ পথৰ দূৰৱস্থা

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 2, 2020
  • 1 min read

ree

মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ মায়ং গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰজামায়ং গাঁৱৰ ৩নং ৱাৰ্ডৰ সৰু-বৰুৱাৰ চুবুৰীৰ পথ এইটো। বিগত বহু বছৰ ধৰি এনেদৰে বোকা ফালি প্ৰতিদিনেই কোনোৱে বিদ্যালয়, কোনোৱে খেতি- পথাৰ, কোনোৱে ব্যৱসায়-বাণিজ্যলৈ মুঠৰ ওপৰত নিজ নিজ কৰ্তব্য আৰু পেটৰ ভোক নিবাৰণৰ বাবে অহা-যোৱা কৰি আহিছে। বছৰটোৰ দহটা মাহেই বোকা হৈ থকা হেতুকে মায়ঙৰ সেই চুবুৰীৰ লগতে চুবুৰীয়া আন আন লোক সকলে জীয়াতু ভুগিব লগা হৈছে।

জানিব পৰামতে উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তৰ জড়িয়তে বিধায়ক, গৰকাপ্তানী মন্ত্রীকে ধৰি মুখ্যমন্ত্ৰীলৈকে সময়ে সময়ে বহুবাৰ আবেদন কৰিছিল। জিলাখনৰ নিজ পঞ্চায়ত মায়ং পঞ্চায়তৰ পৰা ধৰি মায়ং ৰাজহ চক্ৰ বিষয়া, মায়ং খণ্ড উন্নয়ন বিষয়া, জিলা উপায়ুক্ত তথা বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন-নিবেদন কৰিলে। আনকি যোৱা বছৰ পঞ্চায়ত কমিছনাৰকো এখন আবেদন কৰিছিল।

পিছে কাগজৰ কথা কাগজতেই ৰ'ল; কোনো কাম নহ'ল। আজি পৰ্যন্ত কোনো সঁহাৰি নাপালে তেওঁলোকে। এতিয়া চৰকাৰে পথটো নিৰ্মাণৰ বাবে কিবা পদক্ষেপ ল'বনে নলয় সেয়া অনাগত সময়বোৰত লক্ষণীয় হ'ব।


জাগীৰোডৰ পৰা জ্যোতিৰ্ময় গোস্বামীৰ প্ৰতিবেদন ।

Comentarios


OUR PROGRAM
bottom of page