top of page

মৃৎশিল্পীসকলৰ জীৱনলৈ কাল অমানিশা

Writer: Timeline Asom
Timeline Asom
Jul 8, 2020
1 min read

লকডাউনে লাহৰীঘাটৰ মৃৎশিল্পীসকলৰ জীৱনলৈ নমাই আনিছে কাল অমানিশা


এফালে মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে লকডাউন আনফালে ব্ৰহ্মপুত্ৰৰ ভয়াৱহ বানপানী। তাৰ মাজতে কেনেদৰে জীৱন নিৰ্বাহ কৰিছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ মৃত শিল্পী সকলে । স্তব্ধ জনজীৱনৰ মাজত এবিধ সামগ্ৰীয়ো বিক্ৰী কৰিব নোৱাৰি এতিয়া অতি কঠিন জীৱন-যাপন কৰিছে লাহৰীঘাটৰ ভূৰাগাঁৱৰ মৃৎশিল্পীসকলে । মাটিৰ বিভিন্ন পাত্ৰৰ লগতে প্ৰতিমা নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰা পৰিয়াল কেইটালৈ লকডাউনে ভাবুকি কঢ়িয়াই আনিছে । লকডাউনৰ বাবে মাটিৰে নিৰ্মাণ কৰা সামগ্ৰীসমূহ বিক্ৰী কৰিব নোৱৰাৰ ফলত এই পৰিয়ালকেইটাৰ জীৱনলৈ নামি আহিছে অমানিশা।ভূৰাগাঁৱৰ চাৰিটা পৰিয়াল দীৰ্ঘদিন ধৰি মৃত শিল্পৰ লগত জড়িত। তেওঁলোকৰ আশা আৰোগ্য হওঁক ধৰিত্ৰী মা।ভাল দিন আহক। পুনৰ বিক্ৰী হ'ব তেওঁলোকৰ সামগ্ৰী সমূহ।


লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page