top of page

মৌ পালনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস ঢকুৱাখনাৰ যুৱকৰ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 4, 2020
  • 1 min read

লক ডাউনৰ সময়ত বনৰীয়া মৌ পালনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস ঢকুৱাখনাৰ তিনি যুৱকৰ


কৰ'ণা মহামাৰী আৰু লকডাউনৰ ফলত দেশত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে বহু লোকে কৰ্ম-সংস্থাপন হেৰুৱাবলগা হোৱাত অন্যান্য ৰাজ্যৰ লগতে অসমতো এতিয়া নিৱনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে।কিন্তু এনে সময়তে ঢকুৱাখনাৰ পানীগাঁৱৰ তিনিজন উদ্যমী যুৱক ক্ৰমে লক্ষ্যজিৎ(দেহ)কোঁছ, পাপু দত্ত আৰু পৰশ কোঁছে অতি কম মুলধনেৰে বনৰীয়া মৌ ধৰি আনি ঘৰৰ চৌহদতে পালনেৰে আত্ম-সংস্থাপনৰ এক নৱ প্ৰয়াস কৰিছে।

উল্লেখ্য এই যুৱক তিনিজনে "লকডাউন"ৰ প্ৰথম মাহতে ওচৰ-পাজৰৰ হাবিত থকা ২৫ বাঁহ বনৰীয়া মৌ বিশেষ কৌশলেৰে ধৰি আনি

লক্ষ্যজিতৰ ঘৰৰ চৌহদতে কাঠৰ বাকছ সাজি দি পালন কৰে যদিও ৫ বাঁহ মৌ গুছি যায়। বৰ্তমান ২০ বাঁহ এনেকৈ পোহ মনোৱা বনৰীয়া মৌৱে বাঁহত উৎপাদন কৰিছে মৌচাক আৰু ৰসৰ। প্ৰতি বাঁহ মৌৰ পৰা মাহত দুবাৰকৈ প্ৰায়-২/৩ লিটাৰকৈ মৌজোল পোৱা যাব বুলি আশা কৰিছে যুৱক তিনিজনে।


ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন টাইম লাইন অসম

Comments


OUR PROGRAM
bottom of page