top of page

মেধাৱী ছাত্ৰী জটিল ৰোগত আক্ৰান্ত

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 8, 2020
  • 1 min read

নাৰায়ণপুৰৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাৱী ছাত্ৰী জটিল ৰোগত আক্ৰান্ত।। গুৱাহাটীৰ জি.এম.চি.ত চিকিৎসাধীন।। আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত পিতৃ-মাতৃৰ সহায়ৰ কাতৰ আহ্বান।।


ree

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ ভোলাবৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত দোৰপাং ভৰলাপাৰ গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী চুমী বৰা এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে। মেধাৱী ছাত্ৰী চুমী বৰাই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰ-নাহৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৬৫.৫ শতাংশ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। পৰিয়ালটিৰ বাবে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সুখবৰ কঢ়িয়াই অনাৰ পিছতে মেধাৱী ছাত্ৰী চুমী বৰাৰ তেজৰ এক জটিল ৰোগ ধৰা পৰাত দুৰ্ভগীয়া পৰিয়ালটিত মানসিকভাৱে ভাগি পৰিছে। বিগত কুৰি দিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ জি.এম.চি.ত চিকিৎসাধীন হৈ থকা ছাত্ৰী চুমীক এতিয়া প্ৰতিদিনে এক ইউনিটকৈ AB+ve গ্ৰুপৰ তেজ দিয়াটো জৰুৰী হৈ পৰিছে। কিন্তু সম্প্ৰতি পৰিয়ালটোৰ বাবে আৰ্থিক সমস্যাৰ সমানে থিয় দিছে লকডাউনৰ বাবে উক্ত গ্ৰুপৰ ৰক্ত পোৱাটো। হতাশাত ভাগি পৰা চুমীৰ দুৰ্ভগীয়া পিতৃ কুশ বৰা আৰু মাতৃ কুঞ্জ বৰাই শুভাকাংক্ষী ৰাইজৰ ওচৰত কাতৰ আহ্বান জনাইছে যাতে যি যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াই এই দুৰ্ভগীয়া পৰিয়ালটিৰ বিপদৰ সময়ত মানসিকভাৱে সকাহ দি উদ্ধাৰ কৰে। দুৰ্ভগীয়া পৰিয়ালটিৰ একমাত্ৰ কন্যা চুমীৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব বিচৰা শুভাকাংক্ষী লোকসকলে মাতৃ কুঞ্জ বৰাৰ নামত অসম গ্ৰামীণ বিকাশ বেংকৰ ভোগপুৰ চাৰিআলি শাখাত থকা ৭০১৪০১০০১৩৭১২ একাউণ্ট নম্বৰ (IFSC Code : UTBI0RRAGB) ৰ জৰিয়তে সহায়ৰ হাত আগবঢ়োৱাৰ লগতে

78968 06990

নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।


(ফটোঃ চিকিৎসাধীন চুমী বৰা আৰু

ভাষ্যঃ মাতৃ কুঞ্জ বৰাৰ ।)


নাৰায়ণপুৰৰ পৰা

জগত গগৈৰ প্ৰতিবেদন,

টাইমলাইন অসম।

Comentarios


OUR PROGRAM
bottom of page