top of page

মৃতকৰ পৰিয়ালবৰ্গক বিধায়কৰ সমবেদনা জ্ঞাপন

Writer: Timeline AsomTimeline Asom


মৰিগাঁও বিধানসভা সমষ্টিৰ ৰাইজৰ মাজত সদায় সেৱা আগবঢ়োৱাৰ মনোভাৱেৰে নিষ্ঠা আৰু সততাৰে কাম কৰা বিধায়ক ৰমাকান্ত দেউৰীয়ে আজি মানিপুৰৰ বিশিষ্ট সমাজহিতৈষী ব্যক্তি সদ্য প্ৰয়াত গৰ্গসিং বৰদলৈৰ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যক সাৱটিবলগীয়া হোৱাৰ বাবে মৰ্মাহত হয় আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিবলৈ তেখেতৰ বাসগৃহত উপস্থিত হয়। মৃতকৰ আত্মাৰ সদগতি কামনাৰ্থে এক মিনিট সময় মৌনব্ৰত পালন কৰাৰ লগতে মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠানৰ বাবে পাৰ্যমানে সহায় কৰিব বুলি পৰিয়ালটিক জানিবলৈ দিয়ে।স্মৰ্তব্য যে বিধায়ক ৰমাকান্ত দেউৰীয়ে সমষ্টিৰ দুখীয়া জনসাধাৰণৰ বিভিন্ন সমস্যাত পাৰ্যমানে সহায়ৰ হাত আগবঢ়ায় আহিছে। তেখেতে কয়, সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্ব‌ই কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে ভুতৰ ওপৰত দানৱ পৰাদি অহা বানপানীয়ে কৃষকসকলক নগুৰ-নাগতি কৰিছে। তাৰ বাবে চৰকাৰে কৃষকসকলক সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছে। ৰাইজৰ পক্ষত কাম কৰিবলৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন সদায় বদ্ধপৰিকৰ ।

মৰিগাঁৱৰ পৰা

ভৰত কুমাৰ নাথ

টাইম লাইন অসম

Comments


OUR PROGRAM
bottom of page