top of page

মাজুলীৰ গড়মূৰত বিধ্বংশী অগ্নিকাণ্ড

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 8, 2020
  • 1 min read

জুইত জাহ গ'ল ব'লেৰ', বাইক আৰু হোটেল আইলেণ্ডকে ধৰি তিনিখনকৈ দোকান



মাজুলী জিলাৰ গড়মূৰ তিনিআলিত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত নিলোৎপল ভূঞাৰ হোটেল আইলেণ্ড, চিদানন্দ দত্তৰ শিল্পা পায়েল নামৰ ইলেক্ট্ৰনিকছৰ দোকানখনৰ লগতে মানসজ্যেতি বৰাৰ পান-তামোলৰ দোকানখন ভষ্মীভূত হোৱাৰ খবৰে অঞ্চলটোত চাঞ্চল্য বিয়পাইছে। এই জুইত On Duty Govt of Assam লিখা AS-12AC-6900 নম্বৰৰ ব'লেৰ' গাড়ীখনৰ ইঞ্জিনটো পুৰি পেলোৱাৰ লগতে হোটেল আইলেণ্ডৰ বাৰাণ্ডাত ৰাখি থোৱা এখন হিৰ'হোণ্ডা চুপাৰ স্প্লেণ্ডাৰ বাইক সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। ঘটনা অনুসৰি আজি পুৱতি নিশা প্ৰায় ২-৩০বজাত সংঘটিত অগ্নিকাণ্ডৰ খবৰ পাই অগ্নিনিৰ্বাপন বাহিনীয়ে তৎপৰতাৰে জুই নুমুৱাবলৈ সক্ষম হোৱাত গড়মূৰৰ মূল ব্যৱসায়িক অঞ্চলটোৰ ভালেসংখ্যক দোকানৰ লগতে শ্ৰীমন্ত শংকৰদেৱ হোটলখনো ৰক্ষা পৰে। কৰ'না মহামাৰীৰ আশংকাত নিশাৰ ভাগত মাজুলীত চলি থকা কাৰ্ফিঊৰ মাজতে সংঘটিত অগ্নিকাণ্ডটোৰ সময়ত সাধাৰণ লোক বাহিৰলৈ ওলাই আহিব পৰা নাছিল যদিও কোনো ব্যক্তিয়ে অগ্ননিৰ্বাপন বাহিনীক খবৰ দিয়াৰ বাবেই ভয়ংকৰ অগ্নিকাণ্ডটোৰ পৰা আন আন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জুই বিয়পাৰ পৰা ৰক্ষা পৰে ।স্থানীয় লোকৰ সন্দেহ বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই এই ঘটনা সংঘটিত হ'ল।


মাজুলীৰ পৰা

ৰজনীকান্ত বৰদলৈৰ প্ৰতিবেদন

টাইমলাইন অসম

Comments


OUR PROGRAM
bottom of page