top of page

মাজুলীৰ কলামুৱাত ভয়ংকৰ অগ্নিকাণ্ড

  • Writer: Timeline Asom
    Timeline Asom
  • Aug 7, 2020
  • 1 min read

।।নিমিষতে জুইত জাহ গ'ল এটা পৰিয়ালৰ বাসগৃহ ।।

ree

আজি পুৱা প্ৰায় ৭ বজাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডই মাজুলীৰ এটি পৰিয়ালৰ জীৱনলৈ হঠাতে অন্ধকাৰ নমাই আনিলে।

ঘটনা অনুসৰি মাজুলী জিলাৰ গড়মূৰ থানাৰ অন্তৰ্গত মোহন পেগুৰ বাসগৃহত হঠাতে সংঘটিত হোৱা অগ্নিকাণ্ডই সকলো সা-সম্পত্তি আৰু বহু নথি পত্ৰ চকুৰ আগতে পুৰি নিঃশেষ কৰা হৃদয়বিদাৰক দৃশ্যই সকলোৰে অন্তৰত আঘাত হানিছে।পুৱা পৰিয়ালৰ সদস্যসকলে কৃষিকৰ্মত ব্যস্ত থকাৰ সময়তে সংঘটিত হয় এই অগ্নিকাণ্ড। জুইৰ প্ৰকোপ ইমানেই ভয়ংকৰ আছিল যে অতি কম সময়ৰ ভিতৰতে পৰিয়ালটোৰ বাসোপযোগী তিনিটাকৈ ঘৰ আৰু প্ৰায় দহ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত হয়।

ree

পৰিতাপৰ কথা এয়াই যে ঘটনা সংঘটিত হোৱা স্থানৰ পৰা অগ্নিনিৰ্বাপক কেন্দ্ৰটো একেবাৰে ওচৰতে থকাৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত অতিকৈ পিছপৰা অঞ্চলটোত বাৰিষাৰ বাবে বাট-পথ বোকাময় হৈ থকা আৰু ৰাস্তাৰ এটা অংশত এখন নিৰ্মীয়মান পকী দলং সম্পূৰ্ণ হৈ নুঠাৰ ফলত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীলৈ যাব নোৱাৰিলে। অগ্নিকাণ্ডই সৰ্বস্বান্ত কৰা দুৰ্ভগীয়া পৰিয়ালটোৰ সকলো ক্ষয়-ক্ষতিৰ বুজ লৈ তাৎক্ষণিকভাৱে এককালীন সাহাৰ্য প্ৰদান কৰিবলৈ স্থানীয় গাঁওবাসীয়ে চৰকাৰক আহ্বান জনাইছে।


মাজুলীৰ পৰা

ৰজনীকান্ত বৰদলৈৰ প্ৰতিবেদন

টাইমলাইন অসম।।

Comments


OUR PROGRAM
bottom of page