top of page

মাজুলীলৈ দলং - এক চৰম প্ৰতাৰণা !

  • Writer: Timeline Asom
    Timeline Asom
  • Aug 2, 2020
  • 2 min read

বিজেপি চৰকাৰে কৰিব নোৱৰা কাম ২০২১ত কৰি দেখুৱাব কংগ্ৰেছ চৰকাৰে ।।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ নেতৃত্বত যোৰহাটৰ প্ৰাক্তন বিধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাণা গোস্বামীসহ ৰাজ্যিক নেতৃবৰ্গই দলৰ কৰ্মীসকলক লগত লৈ আজি লুইতৰ বুকুৰে দুখন নাৱেৰে যাত্ৰা কৰি বিজেপি চৰকাৰে মাজুলীক কৰি অহা বঞ্ছনাৰ প্ৰতিবাদ জনাবলৈ মাজুলীত উপস্থিত হৈ দৰিয়া ডুবিৰ পাৰত মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰত স্থাপন কৰা চূড়ান্ত প্ৰতাৰণাৰ দলিল যোৰহাট-মাজুলী সংযোগী দলঙৰ আধাৰশিলাৰ তলত ৰৈ বিৰোধী দলটোৱে কঠোৰ ভাষাৰে বিজেপি চৰকাৰক সমালোচনা কৰে।


কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই মাজুলীৰ ৰাইজক বিজেপি চৰকাৰে দলংখনৰ নামত বিভিন্ন সময়ত দি অহা প্ৰতিশ্ৰুতি ভুৱা বুলিও মন্তব্য কৰে। তেওঁ কয়, সৰ্বানন্দ সোণোৱালক মাজুলীবাসীয়ে দীৰ্ঘদিনে ভুগি অহা যোৰহাট-মাজুলী সংযোগী দলংখনৰ স্বাৰ্থতেই ভোটদান কৰি জিকোৱাৰ পাছত আৰু তেখেতে মুখ্যমন্ত্ৰীৰ গাদীত বহাৰ পাছত ২০১৬ চনৰ ২৭ ফ্ৰেব্ৰুৱাৰীৰ পৰা ধৰি চাৰে-চাৰি বছৰ কেৱল আভুৱা ভাৰি নিজৰ সমষ্টিবাসীক চৰম প্ৰতাৰণা কৰি আহিছে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই কথাও কয় যে মাজুলীবাসীক মিছা কথাৰে বান্ধি কৰি অহা প্ৰলোভনৰ ৰাজনীতিৰ কথা মাজুলীবাসীয়ে ইতিমধ্যে বুজি পাইছে আৰু অহা ২০২১চনৰ বিধান সভা নিৰ্বাচনত ৰাইজে যোগ্য প্ৰত্যুত্তৰ দি বিজেপিক বিদায় দি কংগ্ৰেছৰ বলিষ্ঠ নেতা ৰাজীৱ লোচন পেগুক পুনৰবাৰ গাদীত উঠাব । ইফালে প্ৰতিবাদস্থলীত নেতাগৰাকীয়ে বিজেপি চৰকাৰে মাজুলীবাসীক যোৰহাট-মাজুলী সংযোগী দলংখনৰ বাবে কৰি অহা বঞ্ছনা দূৰ কৰি ২০২১চনত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে দলংখন নিৰ্মাণ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।


বিগত দিনত কংগ্ৰেছৰ অপশাসনৰ বাবেই অসমৰ ৰাইজে চৰকাৰখনক ওফৰাই পেলাইছিল। বিজেপি চৰকাৰে দলংখনৰ কথা কৈ মাজুলীবাসীৰ আবেগ চুৰ কৰাৰ দৰেই কংগ্ৰেছেও পুনৰ নিৰ্বাচনৰ আগত এই কথা কৈ একেখন জাল পেলাইছেনেকি বুলি মাজুলীবাসীয়ে আশংকা কৰিছে। প্ৰলোভনৰ ৰাজনীতি নহয়, মাজুলীৰ দুই লক্ষাধিক জনতাৰ প্ৰায় নিৰান্নব্বৈ শতাংশ মানুহেই বিচৰা দলংখনক লৈ যাতে অনাগত দিনত কোনো দলেই ৰাজনীতি নকৰে সেই কথাৰ প্ৰতি মাজুলীবাসীয়ে দৃষ্টি ৰাখিব।


মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ প্ৰতিবেদন টাইমলাইন অসম।

Comments


OUR PROGRAM
bottom of page