top of page

ভৰিৰে লিখি উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ধলপুৰৰ সৌৰভ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 16, 2020
  • 1 min read

কম্পিউটাৰ অভিযন্তা হোৱাৰ লক্ষ্য সৌৰভৰ।।



সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত লখিমপুৰ জিলাৰ ধলপুৰৰ এজন ছাত্ৰই ভৰিৰে লিখি লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ভৰিৰে আখৰ লিখা, ভৰিৰে ছবি অঁকা, সুন্দৰ গীত গোৱা এই ছাত্ৰজনৰ বিষয়ে জানিবলৈ চাওঁ আহক 'টাইম লাইন অসম'ৰ এক প্ৰতিবেদন।


জন্মতে দুয়োখন হাত অকামিলা হৈ ওপজা ধলপুৰৰ প্ৰয়াত শংকৰ অধিকাৰী আৰু আল্পনা অধিকাৰীৰ পুত্ৰ সৌৰভে ভৰিৰে লিখিয়েই এই সফলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। পৰিয়ালৰ একমাত্ৰ পুত্ৰ সৌৰভৰ একাগ্ৰতা, ধৈৰ্য আৰু অধ্যাৱসায়ৰ বলত ভৰিৰেই লিখি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।

শাৰীৰিক অক্ষমতা যে জীৱনৰ সফলতাৰ লাভত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাক প্ৰমাণ কৰি দেখুৱালে লখিমপুৰ জিলাৰ ধলপুৰৰ এই গৰাকী ছাত্ৰই । জন্মতে কোনো লোকে মেধাশক্তি লগত লৈ নাহে । কঠোৰ শ্ৰম আৰু সাধনাৰ বলতহে জীৱনত সকলো লোকেই সফল হ'ব পাৰে । এই বদ্ধমূল ধাৰণাক সাৰোগত কৰি সৌৰভে হাতৰ পৰিৱৰ্তে ভৰিৰে লিখিবলৈ আৰম্ভ কৰে । সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কলা শাখাত ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ শাৰীৰিক অক্ষমতা সত্ত্বেও জীৱনৰ সফলতাৰ বাটেৰে আগুৱাবলৈ সক্ষম হৈছে সৌৰভ। সৰুতেই পিতৃৰ বিয়োগ ঘটাত

সৌৰভৰ মাতৃয়ে ঘৰ চলোৱাকে ধৰি মেধাৱী ছাত্ৰজনৰ সকলো ক্ষেত্ৰতে দায়িত্ব মূৰ পাতি ল'বলগা হয়। ভৱিষ্যতে সৌৰভে কম্পিউটাৰ অভিযন্তা হোৱাৰ লক্ষ্য থিৰ কৰি লৈ আগবঢ়া সৌৰভে নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতক ডিগ্ৰীত নাম ভৰ্তি কৰিছে। পৰিয়ালৰ দুখ-দৈন্যতাৰ মাজতো পুত্ৰৰ এই সফলতাত মাতৃৰ মুখতো অকণি সুখৰ হাঁহি ফুটি উঠিছে।


(*সৌৰভৰ ফটো, অংকিত ফটো আৰু

সৌৰভৰ ভাষ্য।* )


নাৰায়ণপুৰৰ পৰা

জগত গগৈৰ প্ৰতিবেদন

টাইম লাইন অসম।

Comments


OUR PROGRAM
bottom of page