top of page

বোকাখাতত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস পালন

  • Writer: Timeline Asom
    Timeline Asom
  • Aug 3, 2020
  • 1 min read

ree

শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে বিগত সময়ছোৱাত অসমক দিয়া প্ৰতিশ্ৰুতিসমুহ পালন নকৰি চৰম প্ৰতাৰণাহে কৰি আহিছে, এই অভিযোগ বোকাখাত কংগ্ৰেছৰ।প্ৰতি বছৰে অসমবাসীয়ে ভুগি অহা বানপানী সমস্যাক মোডী চৰকাৰখনে যথোচিত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে বোকাখাতৰ জেষ্ঠ কংগ্ৰেছ কৰ্মী পৰাগ শইকীয়াই। ইফালে, বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই সমষ্টি উন্নয়ণত ব্যৰ্থ হোৱাৰ উপৰিও বিজেপিৰ লগত মিলি সমষ্টিটোত লুণ্ঠনৰাজহে চলাইছে বুলি কঠোৰ সমালোচনা কৰে জেষ্ঠ কংগ্ৰেছ কৰ্মী পৰাগ শইকীয়াই। ইয়াৰোপৰি অনাগত বিধান সভা নিৰ্বাচনত কংগ্ৰেছে বোকাখাত বিধান সভা সমষ্টিত এশ শতাংশ জয় লাভ কৰিব বুলিও দাবী কৰে জেষ্ঠ নেতা গৰাকীয়ে। উল্লেখযোগ্য যে, সোমবাৰে বোকাখাত কংগ্ৰেছ ভৱনৰ সমুখত আয়োজন কৰা প্ৰতাৰণা দিৱসত বিজেপিৰ প্ৰতিশ্ৰতি সম্বলিত প্লে-কাৰ্ড সমূহ দাহ কৰে বোকাখাত কংগ্ৰছৰ কৰ্মকৰ্তাসকলে।


বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ প্ৰতিবেদন টাইমলাইন অসম।।

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.
OUR PROGRAM
bottom of page