top of page

ভূৰাগাঁৱৰ বানাক্ৰান্তসকলক সহায়ৰ হাত ইণ্ডিয়ান ৰেডক্ৰছ চছাইটিৰ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 22, 2020
  • 1 min read

কৰ'ণাৰ ভয়াৱহতাৰ মাজতেই তৃতীয়টো বানে নৰক যন্ত্ৰণা ভোগাইছে মৰিগাঁও জিলাৰ ভূৰাগাঁওবাসীক । তৃতীয়টো বানত পুনৰ বুৰ গৈছে অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক গাঁও। দুটা মাহত তিনিটাকৈ বানে সৰ্বস্বান্ত কৰিছে গঞা ৰাইজক। সম্প্ৰতি কোলাই-পাচিয়ে নধৰা হৈছে গঞা ৰাইজৰ দুঃখ-দুৰ্দশা । এনে সময়তে দুৰ্গত বানাক্ৰান্ত লোকৰ কাষত থিয় দিছে ইণ্ডিয়ান ৰেডক্ৰছ চছাইটিৰ ভূৰাগাঁও Sub district Branch। ভূৰাগাঁও Sub District Branchৰ পৰা ২নং বটালীমাৰি গাঁৱৰ ১০০গৰাকী দৰিদ্ৰ বানাক্ৰান্ত পৰিয়ালৰ মাজত টিৰ্পাল বিতৰণ কৰে। বিতৰণৰ সময়ত উপস্থিত থাকে ভূৰাগাঁও Sub District Branchৰ বিষয়-ববীয়া সকল। সংগঠনটোৰ এনে পদক্ষেপৰ শলাগ লৈছে অঞ্চলটোৰ সচেতন ৰাইজে।


লাহৰীঘাটৰ পৰা

ছাদ্দাম হুছেইনৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page