top of page
  • Writer's pictureTimeline Asom

বঢ়মপুৰত জনতাৰ লকডাউন ।।


নগাঁও জিলাৰ বঢ়মপুৰত জনতাৰ লকডাউনৰ অন্তিমটো দিন ।নগাঁৱৰ বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীত এতিয়া আৰম্ভ হৈছে কৰ'ণাৰ গণ-সংক্ৰমণ ।একপ্ৰকাৰ কৰ'ণাৰ হটস্পটলৈ পৰিণত হৈছে নগাঁৱৰ বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় । আৰক্ষী বাহিনীটোত প্ৰথমে ১২জন লোকৰ দেহত COVID-19 পজিটিভ উলোৱাৰ পাছতেই সোমবাৰেও পুনৰ নৱম অসম আৰক্ষী বাহিনীৰ ৩গৰাকীকৈ আৰক্ষী জোৱানৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ  । নতুনকৈ আক্ৰান্ত তিনিজন হ'ল ক্ৰমে বিউটি হালৈ, প্ৰতাপ মণ্ডল আৰু ৰবীন হাজৰিকা। নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত আছে এগৰাকী মহিলা আৰক্ষী জোৱান।উল্লেখ্য যে বৰ্তমানলৈকে আৰক্ষী বাহিনীটোত আক্ৰান্তৰ সংখ্যা হ'লগৈ ১৫জন । আনহাতে নৱম অসম আৰক্ষী বাহিনীত আৰক্ষী জোৱান আক্ৰান্ত হোৱাৰ পাছতেই কৰ'ণাৰ গণ-সংক্ৰমণৰ আশংকা কৰি ৰাজহুৱাভাৱে বঢ়মপুৰ দৈনিক বজাৰত ঘোষণা কৰা লকডাউনৰ আজি অন্তিম দিন । অন্তিম দিনাও ৰাজহুৱা লকডাউনলৈ পূৰ্ণ সহাঁৰি আগবঢ়াইছে বঢ়মপুৰবাসী ৰাইজে।


পুৰণিগুদামৰ পৰা

ধ্ৰুৱজ্যোতি গায়নৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

10 views0 comments

Comments


bottom of page