top of page

বন-বিষয়া আৰু বন-কৰ্মীক সম্বৰ্দ্ধনা আৰু মাস্ক বিতৰণ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 17, 2020
  • 1 min read

সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক'ৰণাৰ বিৰুদ্ধে যুঁজ দি থকাৰ সমান্তৰালভাৱে বানপানীৰ এই দুৰ্যোগৰ সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিষ্ঠা আৰু সততাৰে নিজৰ দ্বায়িত্ব পালন কৰি আহিছে নগাঁও জিলাৰ সুতিৰপাৰ বন খণ্ড আৰু লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত কৰ্মৰত বিষয়া আৰু কৰ্মীসকলে । বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টাৰে নিজৰ কৰ্তব্য পালন কৰা বন-বিষয়া আৰু বন-কৰ্মীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে সামাজিক দূৰত্ব বৰ্তাই ৰাখি স্বেচ্ছাসেৱী সংস্থা তাকিয়া প্লাৱিক ফাউণ্ডেশ্যনৰ তৰফৰপৰা বন- বিষয়া আৰু কৰ্মীসকলক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে মাস্ক বিতৰণ কৰে। উক্ত কাৰ্যসূচীত তাকিয়া প্লাৱিক ফাউণ্ডেশ্যনৰ সভাপতি মিজানুল ইছলাম, সদস্য তৌফিক আহমেদ, ছোহাইল মোস্তাকিম, মুন্না হাচান আৰু ৰাকিব হাচান উপস্থিত থাকে ।


বটদ্ৰৱাৰ পৰা পূজা শইকীয়াৰ প্ৰতিবেদন টাইমলাইন অসম।।

Comments


OUR PROGRAM
bottom of page