বগীনদীৰ থৌ-থুৱনি পঞ্চায়তত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতি ।
- Timeline Asom
- Jul 17, 2020
- 1 min read
অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মানত হিতাধিকাৰীক বঞ্চনা।

লখিমপুৰ জিলাৰ বগীনদী উন্নয়নখণ্ডৰ থৌ-থুৱনি পঞ্চায়তত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত হৈছে এই দুৰ্নীতি।
পঞ্চায়তখনৰ ৫নং গোম-নদী ৱাৰ্ডৰ গোম-নদী আৰু ভোকলাবস্তিত প্ৰায় ৩০টা শৌচাগাৰ নিৰ্মাণৰ নামত দৰিদ্ৰ হিতাধিকাৰীক বঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।গাঁও দুখনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা ঠিকা লৈ পঞ্চায়তখনৰ গোপাল ডেকা নামৰ এজন ব্যক্তিয়ে নিৰ্মাণ কৰাইছিল শৌচাগাৰ সমূহ।
এবছৰ পূৰ্বে নিৰ্মাণ কৰা এই শৌচাগাৰবোৰৰ কোনো এটাও সম্পূৰ্ণভাৱে নিৰ্মাণ কৰা নাই।ইয়াৰ অধিকাংশ শৌচাগাৰত নাই টেংকী । কিছুমানত ভগা দৰ্জা আছে যদি নাই পানীৰ টেংকী । কিছুমানৰ নাই আকৌ টেংকীৰ ঢাকোন।মুঠৰ ওপৰত কোনো এটা শৌচাগাৰেই সম্পূৰ্ণভাৱে ব্যৱহাৰৰ উপযোগীকৈ বনোৱা নাই।
কিন্তু, দৰিদ্ৰ হিতাধিকাৰীসকলক প্ৰবঞ্চনাৰে শৌচাগাৰ নিৰ্মাণ কৰা ঠিকাদাৰজন আন কোনো নহয়, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি দলৰ এগৰাকী ৱাৰ্ড সদস্যাৰ স্বামী।
বগীনদীৰ পৰা ভূবন গৌতমৰ প্ৰতিবেদন টাইমলাইন অসম ।।
Comments