top of page
  • Writer's pictureTimeline Asom

বগীনদীৰ তাৰিয়নিৰ আনাৰস-খেতিয়কৰ বিপৰ্যয়

।। লকডাউন, প্ৰতিকুল বতৰৰ বাবে ক্ষতিৰ সন্মূখীন ।।

বাৰীতে গেলিছে পকা আনাৰস, নাই গ্ৰাহক ।


সুস্বাদু আনাৰসৰ বাবে বিখ্যাত লখিমপুৰ জিলাৰ বগীনদীৰ তাৰিয়নি অঞ্চল।

ওখমাটি পঞ্চায়তৰ অন্তৰ্গত ২নং তাৰিয়নি আৰু ৰাজগড়ৰ ৰসাল সুস্বাদু আনাৰসৰ মিঠা গোন্ধে এতিয়া চৌদিশে আমোলমোল।

আহাৰ আৰু শাওন মাহত পুৰঠ হৈ পকে এই ৰসাল আনাৰস।

গাঁওখনৰ সাধাৰণ কৃষক-ৰাইজৰ উপাৰ্জনৰ পথ এই আনাৰসৰ খেতি ।

দশক দশক ধৰি গাঁওখনৰ শতাধিক পৰিয়ালে আনাৰসৰ উৎপাদন কৰি নিজকে স্বাৱলম্বী কৰি তোলাৰ উপৰিও দাঙি ধৰিছে স্বাৱলম্বনৰ উৎকৃষ্ট নিদৰ্শন।

প্ৰতিটো কৃষক পৰিয়ালে তিনিৰ পৰা পাঁচ বিঘালৈকে আনাৰসৰ খেতি কৰি বছৰি লক্ষাধিক টকা উপাৰ্জন কৰি জীৱন নিৰ্বাহ কৰে।

কিন্তু এইবাৰ ঈপ্সিত উপাৰ্জনৰ পৰা বঞ্চিত হৈ হতাশাত ভূগিছে এইসকল কৃষক-পৰিয়ালে।

ৰাজ্যত অব্যাহত থকা লকডাউন আৰু প্ৰতিকুল বতৰে বেয়াকৈয়ে ক্ষতিগ্ৰস্ত কৰিলে এই কৃষকসকলক।

লকডাউনৰ বাবে বন্ধ হৈ পৰা বজাৰসমুহৰ লগতে দুমাহ ধৰি একেৰাহে দি থকা ধাৰাসাৰ বৰষুণৰ বাবে যথেষ্ট চাহিদা কমিছে ৰসাল আনাৰসৰ।

বাৰীতে যোৰাই প্ৰতি ৭০ৰ পৰা ৮০ টকাত বিক্ৰী হোৱা প্ৰতিযোৰা আনাৰসৰ মুল্য এতিয়া ৪০ৰ পৰা ৫০ টকা মাত্ৰ।

লকডাউনৰ বাবে বাহিৰৰ বেপাৰী গাঁওখনলৈ যাব নোৱৰাৰ ফলত বাৰীতে পকি গেলিছে এতিয়া। টাইমলাইন অসমৰ প্ৰতিবেদক গৈছিল গাঁওখনৰ শেখৰ আৰু সন্তোষ নোৱাৰ নামৰ কৃষক ভাতৃদ্বয়ৰ ঘৰলৈ ।

কোনোকালে কৃষি বিভাগৰ সাহাৰ্য নোহোৱাকৈ আনাৰসৰ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱা এই দুগৰাকী ভাতৃৰ লগতে গাঁওখনৰ সকলো খেতিয়ক এতিয়া উপায়ন্তৰ।

বাৰীত পকা আনাৰস ছিঙি আনি চোতালত দমাই অপেক্ষা কৰি আছে মাথোঁ গ্ৰাহকলৈ।


বগীনদীৰ পৰা

ভূবন গৌতমৰ প্ৰতিবেদন টাইমলাইন অসম ।

5 views0 comments

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.
bottom of page