top of page

বগীনদী ভীমপৰাত সোৱণশিৰি নদীৰ ভয়ংকৰ খহনীয়া

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 9, 2020
  • 1 min read

চপৰা চপৰে খহিছে গৰা, মাটি-ভেটি হেৰুৱাইছে দৰিদ্ৰ কৃষকে ।। পানীত উটিল কোটিটকীয়া জিঅবেগ বান্ধ ।


ভয়ংকৰ গৰাখহনীয়া সৃষ্টি কৰি বগীনদীত ত্ৰাসৰ সৄষ্টি কৰিছে উজনি অসমৰ অন্যতম লখিমপুৰ জিলাৰ সোৱনশিৰি নদীয়ে। আহাৰ মাহত ফেনে ফুটুকাৰে বাঢ়ি অহা নৈখনে এতিয়া কদম ৰাজহ চক্ৰৰ অন্তৰ্গত ভীমপৰা আৰু হেকেৰাজান গাঁৱৰ নামনি অংশত ব্যাপক খহনীয়া সৃষ্টি কৰি সৰ্বসাধাৰণ ৰাইজৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

গাঁও কেইখনৰ উজনি অংশত খহনীয়া প্ৰতিৰোধৰ বাবে নাবাৰ্ডৰ ৭.২৭ কোটি টকীয়া

অনুদানেৰে নিৰ্মাণ কৰা জিঅবেগৰ বান্ধো খহনীয়াৰ কবলত পৰিছে ।

নৈখনে কালৰূপ ধাৰণ কৰি সৃষ্টি কৰা খহনীয়াৰ কবলত পৰি ইতিমধ্যে গাঁও দুখনৰ খেতিপথাৰ নৈৰ বুকুত জাহ গৈছে। দৈনিক অব্যাহত থকা ভয়ংকৰ খহনীয়াই চপৰা চপৰে খহাই মানুহৰ ঘৰ-মাটি-বাৰী সকলো উটাই নিছে।

ইতিমধ্যে কেইবাটাও পৰিয়াল খহনীয়াৰ কৱলত পৰি নিজৰ মৰমৰ ঘৰ হেৰুৱাই অন্য স্থানলৈ স্থানান্তৰিত হৈছে ।

এনেদৰে নদীখনে খহনীয়া অব্যাহত ৰাখিলে এই বাৰিষাতে হেকেৰাজান গাঁৱৰ নামনি অংশৰ পৰিয়াল সমূহৰ ঘৰ-বাৰী সম্পূৰ্ণৰূপে

খহনীয়াৰ কবলত পৰি নদীৰ বুকুত জাহ যাব ।

লখিমপুৰ জিলা জলসম্পদ বিভাগ তথা স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলেই এতিয়া বাঁহৰ পাৰ্কিউপাইন গছৰ ডাল আৰু পাতেৰে সোৱণশিৰি নদীৰ খহনীয়া প্ৰতিৰোধৰ বৃথা চেষ্টা কৰা পৰিলক্ষিত হৈছে। ফলত কোটি কোটি চৰকাৰী ধন সোৱনশিৰী নৈৰ পানীত পৰি গৈছে যদিও খহনীয়া প্ৰতিৰোধ হোৱাৰ বিপৰীতে দৈনিক ব্যাপক হাৰত বৃদ্ধি পাইছে।

ইতিমধ্যে বিভাগীয় ঠিকাদাৰে দিয়া বাঁহৰ কেইবাটাও পাৰ্কিউপাইন নদীয়ে উটুৱাই নিছে ।

দশকজুৰি অব্যাহত থকা সোৱনশিৰী নদীৰ ভয়ংকৰ গৰাখহনীয়া ৰোধৰ নামত ৰাজকোষৰ পৰা কোটি কোটি টকা ব্যয় কৰি থকা হৈছে যদিও ব্যয় হোৱা চৰকাৰী ধনেৰে নৈখনৰ খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধান হোৱা নাই।

বিপৰীতে নৈখনৰ খহনীয়া আৰু দুৰ্দশাগ্ৰস্ত নৈপৰীয়া ৰাইজৰ বিপত্তিৰ সুযোগ লৈ লখিমপুৰ জিলা জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু বিভাগীয় ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে।


বগীনদীৰ পৰা ভূবন গৌতমৰ প্ৰতিবেদন

টাইমলাইন অসম ।

Comments


OUR PROGRAM
bottom of page