ব্ৰহ্মপুত্ৰৰ চাপৰিত শতাধিক বন্যহস্তীক খাদ্য যোগান
- Timeline Asom
- Jul 26, 2020
- 1 min read
বন্যপ্ৰাণী প্ৰেমৰ আদৰ্শ দেখুৱালে শালমৰাৰ যুৱকে।।

সততে হাতী-মানুহৰ সংঘাত, বন্যপ্ৰাণী নিধন আদি ঘটনাসমূহ বৃদ্ধি পাই আহিছে। এচাম লোকে বন্যপ্ৰাণী সুৰক্ষা আইনক ভেঙুচালি কৰি বনৰীয়া জীৱ-জন্তুসমূহ নিধন কৰি অহাৰ বিপৰীতে মাজুলীৰ শালমৰাৰ কেইজনমান যুৱকে প্ৰকৃত বন্যপ্ৰাণী প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে।
বান-গড়াখহনীয়াৰ ভয়াৱহতাৰ মাজতে শালমৰা অঞ্চলত প্ৰায় এশজনীয়া হাতীৰ বৃহৎ জাক এটাই বিগত পোন্ধৰ-বিশদিন ধৰি ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছিল। প্ৰৱল বানৰ কবলত পৰি দিশহাৰা হৈ পৰা হাতীৰ জাকটোৱে মূলতঃ খাদ্যৰ অভাৱত পৰিয়েই যোৱানিশাৰ পৰা ব্ৰহ্মপুত্ৰৰ এটা চাপৰিত মৰণকাতৰ আৰ্তনাদ কৰি থকা শুনি শালমৰা গাঁৱৰ চৈতন্য, বুল, প্ৰভাত, প্ৰদীপ, উত্তম, দুলবা, দিলীপ, মাধুৰ্য, বৰুণ, জগত, প্ৰদীপ, পৱন, সত্যই হাতীখিনিয়ে খাদ্য বিচাৰি এনেদৰে চিঞৰি থকাটো নিশ্চিত হোৱাৰ পাছত এখন ভুটভূটী নাৱৰে আজি পুৱা চাপৰিটোলৈ গৈ হাতীৰ জাকটোক খাদ্য যোগান ধৰাৰ মানসেৰ এশজোপা কলগছ, তিনিবস্তা নিমখ, পঞ্চাশটা কঁঠাল আৰু অন্যান্য খাদ্য দি এইসকল যুৱকে বন্যপ্ৰাণী প্ৰেমৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে।

- মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ প্ৰতিবেদন টাইমলাইন অসম।
Comments