top of page

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া নেতৃত্বত অৱস্থান ধৰ্মঘট

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 21, 2020
  • 1 min read

অসম বিধান সভাৰ পুথিভঁৰাল প্ৰাংগণত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া নেতৃত্বত অৱস্থান ধৰ্মঘট

অখিল গগৈৰ তাৎক্ষণিক মুক্তি, কেন্দ্ৰৰ পৰা অসমলৈ বান সাহাৰ্য মুকলি কৰা, প্ৰয়োজনীয় সামগ্ৰীৰ অতিপাত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা আৰু কৰ'ণাৰ নামত ৰাজনীতি বন্ধ কৰাৰ দাবী তুলি কালি অসম বিধানসভাৰ পুথিভঁৰাল প্ৰাংগণত অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লয়।


সামাজিক দূৰত্ব বজাই ৰাখি কৰা এই অৱস্থান ধৰ্মঘটত উপস্থিত থাকে কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈ, আব্দুল খালেক, বিধায়ক মতিউৰ ৰহমান মণ্ডল, নিৰ্দলীয় ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা ছাহজাহান আলী, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছালমান খান, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ, অসম ৰাজ্যিক এন.এছ.ইউ.আই.ৰ সভাপতি জ্যোতিবিকাশ চাংমাই, কংগ্ৰেছ দলৰ নেতা কমল কুমাৰ মেধিৰ লগতে বহুকেইজন নেতা তথা কৰ্মী ।

গুৱাহাটীৰ পৰা ৰাজ দাসৰ প্ৰতিবেদন টাইমলাইন অসম।

Comentarios


OUR PROGRAM
bottom of page