top of page
  • Writer's pictureTimeline Asom

বিহমাৰীত শৰপহু নিধন

বিহমাৰীত শৰপহু নিধন ।। তিনিজন আটক



বিহালী থানাৰ অন্তর্গত বিহমাৰী বনগাৱত আজি কেইজনমান মাংসলোভী ব্যক্তিয়ে এটা শৰপহু হত্যা কৰে ! নেচার্চ বেকন নামৰ বন্যপ্রাণী সুৰক্ষাৰ হকে কাম কৰি অহা এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ সদস্য আৰু বন বিভাগৰ তৎপৰতাত দৃষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ! জানিব পৰা মতে, আজি পুৱা বিহমাৰী বনগাৱত এটা শৰ পহু মাৰি মাংস ভাগ কৰি থকা অৱস্হাত বৰগাং ৰেণ্জ , বিহমাৰী বিট অফিচ আৰু এ.চি.এফ. বিশ্বজোতি দাসৰ তৎপৰতাত আৰু নেচার্চ বেকনৰ এগৰাকী সদস্যৰ সহযোগত যোগেন ৰংপী, ধনীৰাম ইংতি আৰু অমন ইংতিক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন তিনিও গৰাকী লোক বিহমাৰী বনগাৱৰ বুলি জানিব পৰা গৈছে !


বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

20 views0 comments

Comentarios


OUR PROGRAM
bottom of page