বিহপুৰীয়া সমষ্টিৰ উদীয়মান যুৱ সমাজকৰ্মী মঃ জলিল আহমেদৰ প্ৰশংসনীয় প্ৰচেষ্টা।। অসহায়-দুখীয়া ব্যক্তি-পৰিয়াললৈ সহায়ৰ হাতঃ তিনি হাজাৰ গছপুলি বিতৰণ ।
১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিজেপিৰ নাৰায়ণপুৰ মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি তথা লখিমপুৰ জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সমন্বয়ক মঃ জলিল আহমেদৰ নিজা একক প্ৰচেষ্টাৰে পহিলা লকডাউনৰ সময়ৰ পৰাই দুখীয়া ৰাইজৰ কাষত উপস্থিত থাকি মানৱীয় দৃষ্টি ভংগীৰে সহায়ৰ হাত আগবঢ়াই আহিছে। শেহতীয়াকৈ বিহপুৰীয়া সমষ্টিৰ পাণবাৰী জালভৰীয়া, টেঙাপথাৰ, বদতি জামুগুৰিৰ উপৰি নাওবৈচা সমষ্টিৰ বৰগলা উপ-স্বাস্থ্যকেন্দ্ৰ, সোণাপুৰ এছ. এছ. জাতীয় বিদ্যালয়, গোহাঁইদলনি জি. আই. জাতীয় বিদ্যালয়, তিনঠেঙীয়া জাতীয় বিদ্যালয়, সোণাপুৰ ষ্টাৰ জাতীয় বিদ্যালয়, ম'হঘূলি মদিনাৰ টোল উল্লুম হাফিজীয়া মাদ্ৰাছা আদি বিদ্যালয়ত চেগুন, চন্দন, অৰ্জুন, বকুল, তিতাচপা, শলখ আদি গছৰ পুলি বিতৰণ কৰাৰ লগতে ৰোপণ কৰে। তদুপৰি এই গৰাকী ব্যক্তিৰ প্ৰচেষ্টাত বদতি জামুগুৰিত তিনিটা ৰাজহুৱা গো-ভেটিত তিৰ্পাল আগবঢ়াই অহাৰ লগতে শেহতীয়াকৈ বিহপুৰীয়া সমষ্টিৰ পশ্চিমাঞ্চলৰ গোহাঁইপুখুৰী গাঁৱৰ বিগত চাৰি বছৰে দুয়োটা কিডনী বিকল হৈ শয্যাগত অৱস্থাত থকা অতি দুখীয়া পৰিয়ালৰ ৪৫ বছৰীয়া বিবাহিত ব্যক্তি পূৰ্ণানন্দ চানুৰ ঘৰলৈ গৈ পৰিয়ালৰ লোকক আৰ্থিক সাহায্য প্ৰদান কৰাৰ উপৰি খাদ্য-সামগ্ৰী যোগান ধৰে। এইগৰাকী সমাজহিতৈষী ব্যক্তিয়ে একক প্ৰচেষ্টাৰে সমাজৰ কল্যাণৰ বাবে আগবঢ়াই অহা সেৱাৰ বাবে সমষ্টিবাসী ৰাইজে শলাগ লৈছে।
(ফটো আৰু ভাষ্যঃ জলিল আহমেদ।)
নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন
টাইম লাইন অসম।
Comments