top of page

বিহপুৰীয়া সমষ্টিৰ বনপুৰৈ জামুগুৰি-ধূনাগুৰিত খহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 30, 2020
  • 1 min read

অসমৰ বান-খহনীয়া সমস্যাক স্থায়ী সমাধানৰ আশ্বাস সোণোৱালৰ।।


ree

অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপৰীয়া ৰাইজৰ প্ৰধান তথা জলন্ত সমস্যা বান আৰু খহনীয়া সমস্যা পৰিদৰ্শন কৰি স্থায়ী সমাধানৰ আশ্বাস দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত ধলপুৰৰ সমীপৰ বনপুৰৈ-জামুগুৰিত আৰু বিহপুৰীয়াৰ সমীপৰ ধূনাগুৰি সোৱণশিৰি নদীৰ খহনীয়াগ্ৰস্ত অঞ্চল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই যোৱা ২৮ জুলাইত পৰিদৰ্শন কৰে। বিহপুৰীয়া সমষ্টিৰ বনপুৰৈ-জামুগুৰি খহনীয়া এলেকা পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বান, খহনীয়া আৰু প্ৰাকৃতিক সমস্যাক স্থায়ী সমাধানৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰে এখন বিজ্ঞানসন্মত আঁচনি গ্ৰহণ কৰিছে। দেশৰ স্বাধীনতা আন্দোলনৰ ৭২ বছৰীয়া ইতিহাসত প্ৰথমবাৰলৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বান, খহনীয়া আৰু ভূমিস্খলন সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ সদস্যক লৈ North East water management authority নামেৰে এখন উচ্চস্তৰীয় সমিতি গঠন কৰি বিজ্ঞানসন্মত পৰিকল্পনা হাতত লোৱা কথা সদৰী কৰে।

ree

তদুপৰি পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ উক্ত সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় পুঁজি ধাৰ্য কৰাৰ লগতে উক্ত সমিতিয়ে ক্ষতিগ্ৰস্ত এলেকা ক্ষেত্ৰভিত্তিক অধ্যয়ন প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰাৰ কথাও অৱগত কৰে। মুখ্যমন্ত্ৰী সোণোৱালৰ উক্ত বান আৰু খহনীয়া অঞ্চল পৰিদৰ্শনৰ সময়ত জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকা প্ৰমুখ্যে ভালেসংখ্যক বিজেপিৰ নেতা আৰু কাৰ্য-কৰ্তা উপস্থিত থাকে ।


- নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন, টাইমলাইন অসম।

Bình luận


OUR PROGRAM
bottom of page