top of page

বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰৰ দহখন গাঁৱৰ লোক এসপ্তাহে জলবন্দী।।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 16, 2020
  • 1 min read

নাৰায়ণপুৰৰ দক্ষিণাঞ্চলত বানৰ তাণ্ডৱ অব্যাহত।। উদ্যমী সমাজকৰ্মী অচ্যুত শইকীয়াৰ সহমৰ্মিতাক শলাগ বানাক্ৰান্তৰ।।

লখিমপুৰ জিলাৰ ১০৯ নং বিহপুৰীয়া বিধান সভা সমষ্টিত অব্যাহত থকা বানৰ তাণ্ডৱত বানাক্ৰান্তৰ হাহাকাৰ । নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোৱণশিৰি, চেঁচা, পিছলা, দোৰপাং আদি নদীসমূহৰ বাঢ়নী পানীয়ে সমষ্টিটোৰ বিস্তৃত অঞ্চলত ব্যাপক ক্ষতি সাধন কৰি আহিছে। কিন্তু ইয়াৰ বিপৰীতে শাসকীয় চৰকাৰৰ জনপ্ৰতিনিধিয়ে পৰ্যাপ্ত পৰিমাণে বান-সাহায্য প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে । আনহাতে, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজুলী সমষ্টিৰ আঁহতগুৰি মৌজাৰ কেৰকেৰ গাঁওবাসীয়ে বিগত ২০০৮-০৯ চনতে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়াৰ কৱলত পৰি সম্প্ৰতি মাজুলীৰ কাষৰীয়া বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত দিবানা চাপৰিত প্ৰায় পঞ্চাশটা পৰিয়ালৰ লোকে যোৱা এসপ্তাহ ধৰি জলবন্দী হৈ তীব্ৰ খাদ্য সংকটত ভুগিছে। সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলৰাশিয়ে আগুৰি থকা নদীদ্বীপটোত বসবাস কৰা মাজৰ চাপৰি, বানমুখ, কংবং, কংকুৰ, স্বয়ং কেৰকেৰ, স্বয়ং পাতিৰ, বালিগাঁও, বৰবিল আদি বান-বিধ্বস্ত গাঁৱৰ পৰিয়ালৰ দুখৰ সমভাগী হৈ বিহপুৰীয়া সমষ্টিৰ উদ্যমী সমাজকৰ্মী অচ্যুত শইকীয়াই মূড়ি, বিস্কুট, পানীবটল আদি বিতৰণ কৰে। উক্ত বান-সাহায্য বিতৰণ কাৰ্যত ভূৱন বৰুৱা, দীপক হাজৰিকা, নৰেন গোস্বামী, সদানন্দ শইকীয়া, সোম্বৰ পেগু, সূজিৎ দাস, অতুল বৰা, অৰূপ দত্ত, দীপক কলিতা, মাধৱ নেওগ, সোণ্টু খাৰঘৰীয়া, পীতাম্বৰ আগৰৱালা, তোষেশ্বৰ পাঠৰী, ৰাম চন্দ্ৰ দাস, উজ্জ্বল পালে, ৰাজ বৰা, দিগন্ত হাজৰিকা আদিয়ে সহযোগিতা আগবঢ়ায় । আনহাতে, মাজুলী সমষ্টিৰ উক্ত দিবানা গাঁওবাসীয়ে আজিও ৰজাঘৰীয়া বান-সাহায্যৰপৰা বঞ্চিত হৈ অহাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে, জলবন্দী হৈ পৰা বানাক্ৰান্ত পৰিয়ালৰ দুই শতাধিক লোকক মেৰমুখ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী শিবিৰত আশ্ৰয় লৈ থকা বুলি জানিব পৰা গৈছে।

নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন টাইমলাইন অসম। #flood in Assam

Kommentare


OUR PROGRAM
bottom of page