বিহপুৰীয়া সমষ্টিৰ দহখন গাঁৱত বিজেপিৰ ড° অমিয় কুমাৰ ভূঞাৰ বান-সাহায্য বিতৰণ
- Timeline Asom
- Jul 3, 2020
- 1 min read
বিহপুৰীয়া সমষ্টিৰ দক্ষিণ নাৰায়ণপুৰৰ দহখন গাঁৱত বিজেপিৰ ৰাজ্যিক সম্পাদক ড° অমিয় কুমাৰ ভূঞাৰ বান-সাহায্য বিতৰণ ।

লখিমপুৰ জিলাৰ ১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণাঞ্চলৰ দহখনৰো অধিক বানাক্ৰান্ত গাঁৱত কৃষিজীৱী ৰাইজৰ কাষত উপস্থিত হৈ বান-সাহায্য বিতৰণ কৰে অমিয় কুমাৰ ভূঞাই । বান আৰু খহনীয়াত ক্ষতিগ্ৰস্ত দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সমষ্টি তথা বিহপুৰীয়া সমষ্টিৰ কাষৰীয়া মাজুলী সমষ্টিৰ অন্তৰ্গত দুখন গাঁৱতো বান-সাহায্য বিতৰণ কৰে তেওঁ। বিহপুৰীয়া আৰু মাজুলী সমষ্টি দুটাৰ বান-দুৰ্গত ৰাইজৰ কাষত উপস্থিত হৈ বিশ্ববাসীৰ সন্ত্ৰাসৰ কাৰণ ক'ভিডৰ পিছতে বান সমস্যাই জুৰুলা কৰি অহা এইসকল দুৰ্দশাগ্ৰস্ত কৃষিজীৱী ৰাইজৰ কাষত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সমিতিৰ সম্পাদক ড° ভূঞাই ক'ভিডৰ প্ৰতিষেধক উদ্ভাৱন হৈ নুঠালৈকে আমি প্ৰত্যেকেই সামাজিক দূৰত্ব ৰক্ষা কৰি চলা, অত্যন্ত প্ৰয়োজনীয় কামত ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়ত মাস্ক ব্যৱহাৰ কৰা, সঘনাই হাত দুখন ধুই থকা, চাফ-চিকুণকৈ থাকি ক'ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ ৰাইজৰ প্ৰতি আহ্বান জনায়। বৰবিল, মাজগাঁও, বালি চাপৰি, স্বয়ং পাতিলে, স্বয়ং কেৰকেৰ, কংবং চাপৰি, বানমুখ, তিনতিয়া মুছলিম গাঁও, মাজুলীৰ কেৰকেৰ আৰু কেৰকেৰ চাপৰি আদি বান-দুৰ্গত গাঁৱৰ পৰিয়ালৰ মাজত চাউল, দাইল, আলু, পিঁয়াজ, নিমখ, বিস্কুট আৰু মাস্ক বিতৰণ কৰে। উক্ত বান সাহায্য বিতৰণত লখিমপুৰ জিলা বিজেপিৰ উপ-সভাপতি লক্ষ্মীকান্ত বৰা, সম্পাদক তৰুণ শইকীয়া, ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যালয় সম্পাদক বিপুল বৰ্মন, নাৰায়ণপুৰ মণ্ডল বিজেপিৰ উপ-সভাপতি পংকজ ভূঞা, লখিমপুৰ জিলা অ'বিচি মৰ্চাৰ সভাপতি অনুপম বৰা, মুখপাত্ৰ মনোজ দত্ত, অ'বিচি মৰ্চাৰ সভাপতি বিতোপন কোঁৱৰ, মণ্ডল জনজাতি মৰ্চাৰ সম্পাদক তৰুণ দলে, সদস্য মুকুল হাজৰিকা, মাজগাঁও বুথৰ সম্পাদক বিষ্ণুজ্যোতি পেগু, প্ৰাক্তন সম্পাদক মনোকান্ত পেগু, ভদ্ৰেশ্বৰ দুৱৰা, দিবাধৰ দলে, ডিম্বেশ্বৰ পেগু, বিৰামল দলে, লেলিন দলে, দিগন্ত পেগু, সঞ্জীৱ দলে আদিয়ে সহযোগিতা আগবঢ়ায়।
(ফটো আৰু
ভাষ্যঃ ড০ অমিয় কুমাৰ ভূঞা)
নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন
টাইম লাইন অসম
Kommentare