top of page

বিহপুৰীয়া সমষ্টিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত থকা গঞাৰ ক্ষোভ।

Writer: Timeline Asom
Timeline Asom
Aug 15, 2020
1 min read

Updated: Aug 16, 2020


লখিমপুৰ জিলাৰ ১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটোৰ দুখীয়া কৃষিজীৱী ৰাইজৰ ভূমি অধিকাৰ আৰু সীমাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰতিখন ৰাজ্য চৰকাৰে পিঠি দিয়া পৰিলক্ষিত হৈছে । বছৰ বছৰ ধৰি বেদখল ভূমিৰ খাজনা পৰিশোধ কৰি অহাৰ পিছতো এইসকল কৃষকক গৃহহাৰা আৰু ভূমি অধিকাৰৰপৰা শেহতীয়াকৈ বিজেপি চৰকাৰখনে বঞ্চিত কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰাৰো গুৰুতৰ অভিযোগ তুলিছে গঞা ৰাইজে ।আনহাতে, প্ৰতিটো নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে সীমা সমস্যা, ভূমি সমস্যা, বান-খহনীয়াৰ সমস্যা আদি সমাধানৰ লগতে গ্ৰাম্য আৰু সীমাঞ্চল উন্নয়নৰ শ্লোগানেৰে নিৰ্বাচনী বৈতৰণী পাৰ হৈ যোৱাৰ পিছতেই সাধাৰণ জনতাক দিয়া আশ্বাস-প্ৰতিশ্ৰুতি পাহৰি যায়।গতিকে,আগন্তুক ২০২১ ৰ বিধান সভাৰ নিৰ্বাচনত বিকল্প প্ৰাৰ্থীৰ সন্ধান কৰিছে ১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিবাসীয়ে।


নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন

টাইমলাইন অসম।।

Comments


OUR PROGRAM
bottom of page