বিহপুৰীয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথত প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত।।
লখিমপুৰ জিলাৰ ১০৯ নং বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক খেৰাজখাত মৌজাৰ এটা পথৰ দুৰৱস্থাই অঞ্চলটোৰ ৰাইজক যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগাই আহিছে । দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা এই পথটো হৈছে ভোলাবৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোলাবৰি চাৰিআলিৰ পৰা ভৰপুৰ গাঁৱৰ মাজেৰে ভোডষৰ চাৰিআলিৰ ১৫ নং সংযোগী পথটি। বছৰ বছৰ ধৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বাবে ভোগপুৰ চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই মধুপুৰ হৈ অথবা বৰপথাৰ হৈ ভোগপুৰ চাৰিআলিলৈ অহা-যোৱা কৰিবলগা হয়। নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভোলাবৰি গাওঁ পঞ্চায়তৰ ভোলাবৰি চাৰিআলিৰ পৰা ভৰপূৰ গাঁৱৰ ভোগপুৰ সংযোগী পথৰ বিভিন্ন অংশত বাৰিষা সময়ছোৱাত একোজাক বৰষুণৰ পিছতে সৃষ্টি হয় প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ। সমগ্ৰ বাৰিষা সময়ছোৱাত অঞ্চলটোৰ সাধাৰণ ৰাইজে যমৰ যাতনা ভোগ কৰি উক্ত পথছোৱাৰে যাতায়াত কৰিব লগা হয়। অঞ্চলটোৰ ক্ষুব্ধ ৰাইজে বিগত সময়ত স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ আহ্বান জনাই আহিছে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য, বিগত নিৰ্বাচনৰ সময়ত স্থানীয় জন প্ৰতিনিধি দেৱানন্দ হাজৰিকাই পথটি নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও পৰৱৰ্তী সময়ত বিধায়কগৰাকীৰ ছাঁটোকে দেখা নোপোৱা বুলি ৰাইজে অভিযোগ তুলি পথটো শীঘ্ৰে নিৰ্মাণৰ দাবীত হাতত জাল, পল, জুলুকি লৈ ওলাই আহিল স্থানীয় ক্ষুব্ধ ৰাইজ। টাই আহোম যুৱ পৰিষদ আৰু পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ একাংশ লোকে ''বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ গ' বেক, শীঘ্ৰে পথ নিৰ্মাণ কৰক'' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাই পথটো নিৰ্মাণ কৰি দিম বুলি কোৱা প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল। ২০২১ ৰ বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে স্থানীয় ৰাইজে । টাই আহোম যুৱ পৰিষদৰ লখিমপুৰ জিলাৰ সাহিত্য সম্পাদক পংকজ দেওধাই ফুকন আৰু পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ শইকীয়ই চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।
নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন
টাইম লাইন অসম ।।
Comments