top of page

বিহালীত '''হস্ততাঁত শিপিনী আয় উপার্জন আচনি''ৰ তাঁতশাল বিতৰণ

Writer: Timeline Asom
Timeline Asom
Jul 9, 2020
1 min read

অসম চৰকাৰৰ হস্ততাঁত বস্ত্রশিল্প বিভাগৰ অধীনৰ বিহালী হস্ততাঁত প্রশিক্ষণ কেন্দ্রত কালি তাঁতশাল বিতৰণ কৰা হয় ! বিহালীৰ বিধায়ক তথা কেবিনেট মন্ত্রী ৰঞ্জিত দত্তই শুভাৰম্ভ কৰা এই আচনিত বিহালী উন্নয়নখণ্ডৰ অধীনত ৮৬গৰাকী শিপিনী আৰু বাঘমৰা উন্নয়ন খণ্ডৰ ৬৪গৰাকী শিপিনীক তাঁতশাল বিতৰণ কৰা হয় । এই অনুষ্ঠানত হস্ততাঁত বস্ত্রশিল্প বিভাগৰ জেষ্ঠ পৰিদর্শক অতুল চন্দ্র ৰাভা, ভাৰপ্রাপ্ত পৰিদর্শক বশিষ্ঠ দাস, প্রশিক্ষক ভবানী বৈশ্য, তেলেংগনীয়া গাঁও পঞ্চায়তৰ সভানেত্রী জাহ্নবী দাস, নিজ বিহালী গাঁওপঞ্চায়তৰ সভাপতি প্রেমকান্ত চেত্রী, বৰালীমৰা গাঁওপঞ্চায়তৰ সভাপতি লাচিত দাস , গাংমৌথান গাঁওপঞ্চায়তৰ সভাপতি মুনীন্দ্র দাস, বিহমাৰী গাঁওপঞ্চায়তৰ সভানেত্রী মিনতি তেৰাংপী, নিজ বিহালী জিলা পৰিষদৰ সদস্য দিপীকা দেবী ঢকাল, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি ক্ষীৰোদ দাসসহ শিপিনীসকল উপস্থিত থাকে !আনহাতে বাঘমৰা উন্নয়ন খণ্ডৰ কার্যালয়তো বিভাগীয় কেবিনেট মন্ত্রী ৰঞ্জিত দত্তই বিতৰণৰ শুভাৰম্ভ কৰে !বিভাগীয় বিষয়া ভাৰপ্রাপ্ত পৰিদর্শক বশিষ্ঠ দাসে পৰিচালনা কৰা অনুষ্ঠানত খণ্ড উন্নয়ন বিষয়া বিশ্বজিত দে, মোনাবাৰী জিলা পৰিষদৰ সদস্য তৰুন তাঁতি, বৰজাৰণি গাও পঞ্চায়তৰ সভানেত্রী বীনা তিমুংপী, খৰাশিমলুৰ ৰুপা বাগলাৰী আৰু ৰতোৱা গাঁও পঞ্চায়তৰ সভাপতি গোপাল শৰ্মা উপস্হিত থাকে ।

বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page